Shocking disappearances in Guwahati:মহানগৰীত চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা

উলুবাৰীৰ পূব শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা নিখোজ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী, পৰিয়ালৰ এজাহাৰ দাখিল

child

Shocking disappearances in Guwahati:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ চলাই গৈছে অপৰাধমূলক কাৰ্য।
পুনৰ আৰক্ষীক চেলেন্স দি মহানগৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। উলুবাৰীৰ পূব শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা হঠাতে নিখোজ হ’ল এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

সোমবাৰে বিদ্যালয়লৈ গৈ গৃহাভিমুখী নহ’ল কণমানি ছাত্ৰী গৰাকী। নিৰুদিষ্ট ছাত্ৰী গৰাকীৰ নাম নয়না তাতী । যোৱা নিশা ২ বজালৈকে জীয়ৰীক বিছাৰি মহানগৰীৰ বিভিন্ন আত্মীয় সৰ্জন আৰু সম্ভাব্য অঞ্চল বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি দিশহাৰা হৈ পৰে ভুক্তভোগী পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক।

উল্লেখ্য যে কণমানি ছাত্ৰী গৰাকীক অভিভাৱকে বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ পূৰ্বে বিদ্যালয় খনৰ কৰ্তৃপক্ষই ঘৰলৈ অকলেই পঠাই দিয়ে ৷

ইতিমধ্যে ছাত্ৰী গৰাকী নিখোজ হোৱাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে চানমাৰী আৰক্ষী থানাত ৷ কিন্ত সন্ধানহীনতাৰ সম্পৰ্কত চানমাৰী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে দুৰ্ভগীয়া পিতৃ- মাতৃয়ে।

জানিব পৰা অনুসৰি পৰিয়ালৰ লোকে কন্যাক বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ আগতেই বিদ্যালয় কৰ্তৃপক্ষই অকলেই পঠাই দিয়ে ছাত্ৰীগৰাকীক। চানমাৰী আৰক্ষীক নিৰুদেশৰ খবৰ অৱগত কৰে যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

Exit mobile version