Banks Failed To Recover 81.30% Of Loans Written Off In Last 5 Years:দেশৰ বেংকৰ ১০ লাখ কোটি অনুৎপাদনশীল ঋণৰ ৮১.৩০ শতাংশ ধনেই ঘূৰাই অনাত ব্যর্থ

জনতাৰ কল্পেপার্জিত ধনক লৈ ল'ৰা-ধেমালি, পাঁচ বছৰত ১,৮৫,২৪১ কোটি উদ্ধাৰ

bank loans

Banks Failed To Recover 81.30% Of Loans Written Off In Last 5 Years:

দেশৰ জনতাৰ কষ্টোপার্জিত ধনক লৈ বিভিন্ন বেংকে ল’ৰা- ধেমালি কৰিছে নেকি? ঘূৰাই নোপোৱা ঋণ হিচাপ বহীৰ পৰা নিলগাই (ৰাইট অফ) বেংকসমূহে এনে ঋণ উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও বাস্তব ক্ষেত্রত তেনে ব্যৱস্থা কার্যকৰী নোহোৱাৰ ইংগিত স্পষ্ট হৈছে। এক তথ্য জনাৰ অধিকাৰ (আৰটিআই) আবেদনৰ ভিত্তিত পোহৰলৈ অহা তথ্য অনুসৰি যোৱা পাঁচ বছৰত দেশৰ বিভিন্ন বেংকে ৯.৯০ লাখ কোটি টকাৰ ঋণ ‘ৰাইট অফ’ কৰে। আশ্চর্যজনকভাৱে বিগত সময়ত ইয়াৰে মাথোঁ ১,৮৫,২৪১ কোটি টকাহে বেংকসমূহে ঘূৰাই আনিবলৈ সক্ষম হয়।

বেংকসমূহে ঘুৰাই আনিবলৈ সক্ষম হোৱা এই ধনৰ পৰিমণ মুঠ ‘ৰাইট অফ’ কৰা ধনৰ মাথোঁ ১৮ শতাংশহে আৰটিআই আবেদনখনৰ ভিত্তিত এই তথ্য প্রকাশ কৰে ভাৰতীয় ৰিজার্ভ বেংকে।

লক্ষ্যণীয় যে বিগত পাঁচ বছৰত ৰাইট অফ কৰা ধনৰ পৰিমাণ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ মুঠ বিত্তীয় ঘাটিৰ ৫৯ শতাংশ। অর্থাৎ এই ধন বেংকসমূহে ঘূৰাই আনিবলৈ সক্ষম হোৱা হ’লে উক্ত বিত্তীয় বৰ্ষৰ বিত্তীয় ঘাটিৰ পৰিমাণ ৫৯ শতাংশ হ্রাস পালেহেঁতেন। প্রাপ্ত তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বর্ষত দেশৰ বিত্তীয় ঘাটি আছিল ১৬.৫৪ লাখ কোটি টকা।

আনহাতে, যোৱা পাঁচ বছৰত ৯.৯ লাখ কোটি টকা ‘ৰাইট অফ’ কৰাটোৱে সূচীভুক্ত বাণিজ্যিক বেংকসমূহৰ ওপৰত প্ৰচণ্ড মাধমাৰ শোধায়। কাৰণ চলিত বৰ্ষৰ মাৰ্চত এই বেংকসমূহৰ মুঠ অনুৎপাদক সম্পত্তি (জিএনপিএ) ১২ বছৰৰ সৰ্বনিম্ন ২.৮ শতাংশ হয়। লক্ষ্যণীয়ভাৱে বিগত বছৰসমূহত বিভিন্ন বেংকে লাখ লাখ কোটি টকা ‘ৰাইট অফ’ কৰি আহিছে যদিও ইয়াৰ সৰ্বোচ্চ ঋণ গ্রহণকাৰী সকলৰ নাম ৰিজার্ভ বেংকে প্রকাশ কৰা নাই। ইয়াকে লৈ মাজে সময়ে প্রতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। উল্লেখ্য যে কোনো ঋণৰ মূলধনৰ সুত ৯০ দিন ধৰি পৰিশোধ নকৰিলে সেই ঋণ অনুৎপাদক সম্পত্তিত (এনপিএ)ত পৰিণত হয়।

‘ৰাইট অফ’ৰ কথাটো সাধাৰণতে এনপিএৰ ক্ষেত্ৰত প্রযোজ্য হয়। এই ক্ষেত্রত এক সম্পদৰ মূল্য হ্রাস পায় আৰু এই সম্পদৰ ভৱিষ্যতে কোনো মূল্য নাথাকে। সাধাৰণতে উদ্ধাৰৰ ক্ষীণ সম্ভাৱনা বহন কৰা অনুৎপাদক ঋণক ৰাইট অফ কৰা হয়। বেংকসমূহে ৰাইট অফ কৰি কৰ দায়বদ্ধতা ন্যূনতম কৰে।

Exit mobile version