first illegal Bangladeshi in Assam to get Indian citizenship through CAA:কা’ৰ জৰিয়তে অসমত প্ৰথমজন অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

বৈধ হ'ল দুলন দাসৰ আধাৰ-ভোটাৰ কাৰ্ডৰ লগতে পূৰ্বৰ সকলো নথি-পত্ৰ

caa

First illegal Bangladeshi in Assam to get Indian citizenship through CAA:

কা’ৰ জৰিয়তে অসমৰ প্ৰথমজন অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাৰিকত্ব ৷ বাংলাদেশৰ ছিলেট জিলাৰ বৰাগ্ৰামৰ দুলন কুমাৰ দাস নামৰ ব্যক্তি গৰাকীয়ে কাঁটাতাঁৰ পাৰ হৈ ১৯৮৮ ত ভাৰতত প্ৰৱেশ কৰিছিল অবৈধভাৱে। পৰৱৰ্তী সময়ত কাছাৰৰ শিলচৰত কোনো এক স্থানত পত্নী আৰু দুই পুত্ৰ সহ বিগত ৩৫ বছৰ ১০ মাহ ধৰি অবৈধভাবে বাস কৰি ইতিমধ্যে অবৈধ ভোটাৰ কাৰ্ড , আধাৰকাৰ্ড,পানকাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স উলিয়াই লৈছিল ৷

এতিয়া ভাৰতীয় নাগৰিকত্ব পোৱাৰ লগে লগে বৈধ হ’ল দুলন দাসৰ আধাৰ-ভোটাৰ কাৰ্ডৰ লগতে পূৰ্বৰ সকলো নথি-পত্ৰ ৷
স্মতৰ্ৱ্য যে ,দুলন দাসে এন আৰ চিৰ বাবে কৰা নাছিল আবেদন। অপেক্ষা কৰিছিল কা’আইন বলবৎ হোৱালৈ ৷ আনহাতে ভাৰতত ১৯৮৮ চনত অবৈধভাবে প্ৰৱেশ কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে নাছিল কোনো গোচৰ ৷ আনকি অবৈধভাৱে ভোটাৰ কাৰ্ড উলিয়াই প্ৰতিটো নিৰ্বাচন কৰি আহিছিল ভোটদান ৷ তেওঁ পত্নী- পুত্ৰদ্বয়ৰো আছে আধাৰ-পেন কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

শেহতীয়াকৈ ধৰ্মীয় নিপীড়নৰ বাবে ভাৰতত প্ৰৱেশ কৰা লোক সকলৰ বাবে কা’অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পৰা যি ব্যৱস্থা গৃহ মন্ত্ৰণালয়ে কৰিছিল তাৰ সদব্যৱহাৰ কৰি দুলন দাসে অনলাইন যোগে প্ৰ- পত্ৰ সংগ্ৰহ কৰি নিয়ম অনুসৰি আবেদন জনাই। সেই অনুসৰি গৃহ মন্ত্ৰনালয়ৰ পৰা নাগৰিকত্ব লাভ কৰে। কা’ অধীনত ২০২৪ ত ভাৰতীয় নাগৰিকত্ লাভ কৰা দুলন দাসৰ নাগৰিকত্ব ১৯৮৮ ৰ পৰা গন্য কৰা হয় ৷

আনহাতে নাগৰিকত্ব লাভৰ প্ৰমাণ পত্ৰ পাবৰ বাবে দুলন দাসে এতিয়া আবেদন কৰিব নাগিব গুৱাহাটীস্থ লোকপিয়ল সঞ্চালকালয়ত ৷ মনকৰিবলগীয়া যে দুলন দাসৰ উপৰিও ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে আবেদন জনাইছে আন ১০ জন বাংলাদেশীয়ে ৷

Exit mobile version