India’s population projected to reach 152.2 crore by 2036:২০৩৬ত ভাৰতৰ জনসংখ্যা বৃদ্ধি পাব ১৫২.২ কোটিলৈ

population

India’s population projected to reach 152.2 crore by 2036:

ভাৰতৰ জনসংখ্যা ২০৩৬ বর্ষলৈ ১৫২.২ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে এক প্রতিবেদনত এই পূর্বানুমানৰ কথা উল্লেখ কৰিছে।

প্রতিবেদনত উল্লেখ কৰা অনুসৰি, দেশত মহিলা আৰু পুৰুষৰ লিংগ অনুপাত এই সময়ছোৱাত উন্নত হোৱাৰ সম্ভাৱনা আছে। ২০১১৩ দেশত মহিলা আৰু পুৰুষৰ লিংগ অনুপাত ৪৮.৫ শতাংশ আছিল আৰু ২০৩৬ লৈ ই ৪৮.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

দেশত ১৫ বছৰতকৈ কম বয়সৰ শিশুৰ সংখ্যা ২০১১ বৰ্ষৰ তুলনাত ২০৩৬ বর্ষত হ্রাস পাব বুলি প্রতিবেদনত উল্লেখ কৰিছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত দেশত ৬০ বছৰ বা ততোধিক বয়সৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Exit mobile version