BDO Assistant BDO arrested for taking bribe:বঙাইগাঁৱত উৎকোচ লৈ একেটা কাৰ্যালয়ত গ্ৰেপ্তাৰ দুই বিষয়া

বিডিঅ'- সহকাৰী বিডিঅ'ক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰকৰ

bribey

BDO Assistant BDO arrested for taking bribe:

ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছতে শিকনি হোৱা নাই ঘোচখোৰৰ ৷ বঙাইগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ একেটা কাৰ্যালয়ৰ দুই দুই বিষয়া ৷ সুজনগ্ৰাম খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ শাখাই অৰ্তকিতে অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে আটক কৰে সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক ৷

বিল পাছ কৰাৰ নামত আহমেদে লৈছিল ১৬ হাজাৰ টকাৰ উৎকোচ। খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমক দিবলৈ লৈছিল ধনখিনি। সেই সময়তে পূবৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰকৰ দলে সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদ আৰু খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে আটকাধীন দুই বিষয়াক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰকৰ শাখাই গুৱাহাটীলৈ নিয়ে ৷

Exit mobile version