Jammu- Kashmir, Haryana Assembly Election Dates Announced:জম্মু আৰু কাশ্মীৰ, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

১৮, ২৫ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰৰ ভোট গ্ৰহণ, হাৰিয়ানাত ১অক্টোবৰত ভোট গ্ৰহণ, ৪ অক্টোবৰত দুই ৰাজ্যৰ ভোট গণনা

eci

Jammu- Kashmir, Haryana Assembly Election Dates Announced:

৩৭০ অনুচ্ছেদ বাতিলত পাছত অহা ১৮, ২৫ ছেপ্তেম্বৰত আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন। আনহাতে অহা ১ অক্টোবৰত অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। ৪ অক্টোবৰত দুয়ো খন ৰাজ্যৰে ভোট গণনা কৰা হ’ব বুলি প্ৰকাশ কৰে নিৰ্বাচন আয়োগে ।

নতুন দিল্লীত দেশৰ নিৰ্বাচন আয়োগে আয়োজন কৰা এক সংবাদমেলত তিনিজনীয়া নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত ৰাজিব কুমাৰে সংবাদমেলত কয় যে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্যায়ত হ’ব ৷ ১৮, ২৫ ছেপ্তেম্বৰত ৫০ খন আসনৰ বাবে কাশ্মীৰত হ’ব ভোটদান ৷ আনহাতে ৪০ খন আসনৰ বাবে জম্মুত ভোট গ্ৰহণ হ’ব ১ অক্টোবৰত  ৷

ইফালে ,৯০ জনীয়া হাৰিয়ানা বিধান সভা নিৰ্বাচন এটা পৰ্যায়ত ১ অক্টোবৰত অনুষ্ঠিত হ’ব ৷ জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ ভোট গণনা হ’ব ৪ অক্টোবৰত ৷ নিৰ্বাচন আয়োগৰ সংবাদমেল খনত মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে উপস্থিত থাকে আয়ুক্তদ্বয় ৰাজীৱ কুমাৰ আৰু ড:এছএছ সন্ধু উপস্থিত থাকে ৷

উল্লেখ্য যে,কেন্দ্ৰই সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰি লাডাখক কাশ্মীৰৰ পৰা পৃথক কৰি জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে ৷

৩৭০ নং অনুচ্ছেদ বাতিলৰ সুদীৰ্ঘ পাঁচবছৰৰ পিছত জম্মু-কাশ্মীৰ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিজেপি ,কংগ্ৰেছৰ লগতে ডা:ফাৰুক আব্দুলা নেতৃত্বাধীন নেচনেল কনফাৰেন্স আৰু মেহবুবা মুফটি নেতৃত্বাধীন পিডিএফে আদৰণি জনাইছে ৷

মনকৰিবলগীয়া যে,২০২৩ ৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে এক ৰায়ত চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়ুক্তক নিৰ্দেশ দিছিল।

Exit mobile version