Notorious Punjab drug Paddlar Balwinder has been Transferred to Dibrugarh jail:পঞ্জাৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বলৱিন্দৰক ডিব্ৰুগড় কাৰাগাৰলৈ হস্তান্তৰ

balbindar

Notorious Punjab drug Paddlar Balwinder has been Transferred to Dibrugarh jail:

পঞ্জাৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী, মাফিয়া, বিভিন্ন অপৰাধ আৰু অনৈতিক কৰ্মৰ স’তে জড়িত বলবিন্দৰ সিং তথা বিল্লা হাভেলিয়ান নামেৰে পৰিচিত অপৰাধীজনক ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰলৈ পঞ্জাৱৰ পৰা হস্তান্তৰ কৰা হয়।

উল্লেখ্য যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ইতিমধ্যে বাৰিছ ডে পঞ্জাৱৰ মুৰব্বী অমৃতপল সিং আৰু তেওঁৰ নজন ঘনিষ্ঠ সহযোগীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এনএছএ)ৰ অধীনত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

এই ঘটনাৰ বিষয়ে ডিব্ৰুগড় আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে কয় যে সন্ধিয়া পঞ্জাৱ আৰক্ষীৰ এটা দলে এই কুখ্যাত সৰবৰাহকাৰীজনক ড্রাগছ উচ্চ নিৰাপত্তাযুক্ত তথা তিনি তৰপীয়া কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে ডিব্ৰুগড় কাৰাগাৰলৈ আনিছিল আৰু তেওঁক বিশেষ কোঠাত ৰখা হৈছে।

তথ্য অনুসৰি, ইয়াৰ পূৰ্বে বলৱিন্দৰ সিঙক পঞ্জাৱ আৰক্ষীয়ে অবৈধ নিচাযুক্ত দ্রব্য আৰু বিভিন্ন অবৈধ নিচাজাতীয় সামগ্রীত ব্যৱহৃত পদাৰ্থৰ অবৈধ সৰবৰাহৰ প্ৰতিৰোধ(পিআইটিএনডিপিএছ) আইনৰ অধীনত আটক কৰিছিল। পিআইটিএনডিপিএছ অনুসৰি, অবিহনে আইন অপৰাধীক জামিন এবছৰলৈকে প্ৰতিৰোধমূলক আটক কৰাৰ অনুমতি দিয়া হৈছে। ইফালে, এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বলবিন্দৰ সিঙে বিগত ১৯৯২ৰ পৰা ড্ৰাগছ সৰবৰাহত সক্ৰিয় হৈ থকাৰ লগতে পাকিস্তানৰ ড্ৰাগছ মাফিয়াৰ ছিণ্ডিকেটৰ স’তে সম্পৰ্ক ৰাখি অবৈধ ড্ৰাগছৰ বেহা চলাই গৈছিল।

শেহতীয়াকৈ নাৰকটিকছ কন্ট্রল ব্যুৰ’ (এনচিবি) আৰু পঞ্জাব আৰক্ষীয়ে যৌথ অভিযান চলাই নি পঞ্জাৱৰ গুৰদাসপুৰৰ পৰা কুখ্যাত হ ড্ৰাগছ ব্যৱসায়ী বলৱিন্দৰ সিঙক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্রধান গৌৰৱ যাদৱে কয় যে জামিনত থকা ড্ৰাগছ সৰবৰাহকাৰী সিঙে সীমা অতিক্রম কৰি পাকিস্তানী সৰবৰাহকাৰীৰ স’তে চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ স’তে জড়িত আছে। তথ্য মতে, ধৃত সিং বর্তমানলৈ ১০ টাতকৈও অধিক ড্রাগছ সম্পর্কীয় গোচৰত কুখ্যাত অভিযুক্ত।

ইফালে, পঞ্জাৱৰ পৰা ক্ৰমাগতভাবে অপৰাধীবোৰ কেৱল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হস্তান্তৰ কৰাত কেৱল ডিব্ৰুগড়বাসীৰ বাবেই নহয়, প্রশাসনৰ বাবেও একপ্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে।

Exit mobile version