Shipping Minister Sarbananda Sonowal felicitates DoubleOlympic Medalist Manu Bhaker the Seafarer’s Daughter:দুটাকৈ অলিম্পিক পদকপ্রাপ্ত মনু ভাকাৰক ফুলাম গামোচাৰে সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ

ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰপৰা মনুলৈ আগবঢ়োৱা হয় ১০ লাখ টকাৰ চেক্‌, মনু ভাকাৰৰ মার্চেন্ট নেভীত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত পিতৃ আৰু মাতৃকো সম্বৰ্ধনা সোণোৱালৰ, মনু ভাকাৰে তেওঁৰ অভূতপূর্ব সাফল্যৰ দ্বাৰা কেৱল আমাৰ দেশক গৌৰৱান্বিত কৰাই নহয়, লগতে যুৱ নাবিকসহ পৰৱৰ্তী প্রজন্মকো অনুপ্রাণিত কৰিছে": সর্বানন্দ সোণোৱাল

sonowal 2 1

Shipping Minister Sarbananda Sonowal felicitates DoubleOlympic Medalist Manu Bhaker the Seafarer’s Daughter:

পেৰিছ অলিম্পিক ২০২৪ৰ শ্বুটিঙত দুটাকৈ ব্রঞ্জ পদক বিজয়ী মনু ভাকাৰক আজি নাবিকসকল তথা জাহাজ পৰিবহণ খণ্ডত কৰ্মৰত লোকসকলৰ হৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে বিশেষ সম্বর্ধনা জনায়। মার্চেন্ট নেভীৰ অভিজ্ঞ মুখ্য অভিযন্তাৰ জীয়ৰী মনু ভাকাৰক ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰ পৰা ফুলাম গামোচা, জাহাজৰ আৰ্হি আৰু ১০ লাখ টকাৰ চেকেৰে সম্বর্ধনা জনোৱা হয়।

উল্লেখ্য যে মনু ভাকাৰ হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতৰ প্রথমগৰাকী খেলুৱৈ যিয়ে এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰিবলৈ সক্ষম হৈছে।

মনু ভাকাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত যুৱ নাবিকসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্বুটাৰ গৰাকীয়ে উল্লেখ কৰে যে কেনেদৰে তেওঁ মার্চেন্ট নেভীৰ অভিযন্তাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল। সোণোৱালে ভাকাৰৰ মাক – সুমেধা ভাকাৰ আৰু তেওঁৰ দেউতাক – ৰাম কিষাণ ভাকাৰকো সম্বৰ্ধনা জনায়। ৰাম কিষাণ ভাকাৰ ব্যৱসায়িক নৌবাহিনীৰ জাহাজত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত।

অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “পেৰিছ অলিম্পিক ২০২৪ত মনু ভাকাৰৰ অভূতপূর্ব সাফল্যই তেওঁৰ একাগ্ৰতা, অধ্যৱসায় আৰু উৎকৃষ্টতাৰ দিশত নিৰন্তৰ প্ৰচেষ্টাক সূচাইছে। তেওঁ ভাৰতৰ যুৱ আকাংক্ষাৰ অদম্য মনোভাৱক প্রতিনিধিত্ব কৰে, মনুৱে অজস্ৰ যুৱক-যুৱতীক দেশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছে। মনু ভাকাৰ আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা, বিশেষকৈ আমাৰ যুৱ নাবিকসকলৰ বাবে। আমাৰ যুৱ নাবিকসকলৰ বাবে মনু ভাকাৰৰ অনুপ্ৰেৰণাদায়ক কথাবোৰে তেওঁলোকৰ নিৰ্বাচিত বৃত্তিৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অনুপ্রাণিত কৰিব।”

অনুষ্ঠানটোত মনু ভাকাৰে কয়, “মোৰ দেউতা, মা আৰু ভাতৃৰ সৈতে গ্ৰীষ্মৰ বন্ধৰ সময়ত জাহাজত যাত্ৰা কৰাৰ মোৰ ভাললগা স্মৃতি আছে। সেই যাত্ৰাবোৰে মোক বিভিন্ন ভাষা, সংস্কৃতি আৰু জীৱনশৈলীৰ পৰা শিকিবলৈ উদ্বুদ্ধ কৰিছিল। মই জীৱন বাটত বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজিছিলোঁ, কিন্তু সেইবোৰে মোৰ সংকল্প শক্তিশালীহে কৰিছিল। খেলকে ধৰি যিকোনো কামতে মই সৰ্ব্বস্ব উজাৰি মনোনিৱেশ কৰোঁ। ডাঙৰ সপোন দেখি উৎকৃষ্ট সাফল্য অৰ্জন কৰা, তাৰপাছতহে ঘৰলৈ উভতিবা।’ এয়া মই মনে- প্রাণে বিশ্বাস কৰোঁ। মই ভাবোঁ, যুৱ নাবিকসকলে কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু একাগ্ৰতাৰে নিজ নিজ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই গৈ সফলতা অর্জন কৰিবলৈ সক্ষম হ’ব।”

লগতে সর্বানন্দ সোণোৱালে আজি কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত আমাৰ চৰকাৰে ক্ৰীড়া খণ্ডক শক্তিশালী কৰাৰ বাবে বহুতো কার্যসূচী হাতত লৈছে, যাৰ যোগেদি আমাৰ খেলুৱৈসকলৰ মনোবল আৰু সাহস বৃদ্ধি হৈছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া ভাৰতৰ খেলুৱৈৰ সফলতা যথেষ্ট বৃদ্ধি হৈছে। দেশৰ উত্তৰণৰ অনিৰুদ্ধ যাত্ৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত খেলুৱৈ আৰু সামুদ্রিক পেছাদাৰীসকলৰ অমূল্য অৱদানক স্বীকৃতি দি মোদী চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে যুৱপ্ৰজন্মক দক্ষ কৰি তুলিছে। মই মনু ভাকাৰক অলিম্পিকত তেওঁৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। মই মনু ভাকাৰৰ পিতৃ-মাতৃকো অভিনন্দন জ্ঞাপন কৰিছোঁ। মনুৰ বাবে আমাৰ দেশ সদায় গৌৰৱান্বিত হৈ থাকিব। মনুৱে আগন্তুক দিনবোৰতো দৃঢ় মনোবল আৰু উৎকৃষ্ট প্ৰদৰ্শনেৰে দেশৰ সুনাম বৃদ্ধি কৰক, তাৰেই কামনাৰে মোৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা জনালোঁ।”

অনুষ্ঠানটোত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি. কে. ৰামচন্দ্ৰন, যুটীয়া সচিব আৰ লক্ষ্মণন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।

Exit mobile version