Kolkata doctor Rape – Murder case: কলকাতাৰ চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ ফাঁচীৰ দাবী মাতৃ-ভগ্নীৰ

আৰক্ষীৰ জেৰাত অপৰাধ স্বীকাৰ সঞ্জয় ৰয়ৰ

murder

Kolkata doctor Rape – Murder case:

দেশ কপাই যোৱা নাৰকীয় ঘটনাৰ প্ৰতিবাদত আজিও দেশজুৰি চিকিৎসকে অব্যাহত ৰাখে প্ৰতিবাদ। অকল ভাৰততে এই প্ৰতিবাদ সীমাবদ্ধ হৈ থকা নাই ৷ নেপাল – পাকিস্তান সহ পশ্চিমীয়া কে’বা খনো ৰাষ্ট্ৰতো চিকিৎসক সকলে জঘন্য ঘটনাৰ তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ইতিমধ্যে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী মহিলা চিকিৎসকৰ সৈতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ তদন্তৰ দায়িত্বভাৰ লোৱাৰ পাছতে মুল অভিযুক্ত সঞ্জয় ৰয়ক কলকাতা আৰক্ষীৰ জিন্মাৰ পৰা নিজৰ জিন্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰাত ৷

চিবিআইৰ জেৰাত সঞ্জয় ৰয়ে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ লগতে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰিছে তদন্তকাৰী বিষয়াৰ ওচৰত ৷ আনহাতে চিবিআইয়ে অধিক তথ্যৰ বাবে সঞ্জয় ৰয়ক নিৰন্তৰ জেৰা অব্যাহত ৰাখিছে ৷ পোহৰলৈ আহিছে কেতবোৰ ন ন তথ্য  ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে মুখ খুলিছে মুল অভিযুক্ত সঞ্জয় ৰয়ৰ মাতৃ- ভগ্নীয়ে ৷ দুয়োৱে সঞ্জয়ৰ মৃত্যুদণ্ড দাবী কৰিছে।

উল্লেখ্য যে,সঞ্জয় ৰয়ৰ চাৰি গৰাকী পত্নী থকা বুলি যি কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই সন্দৰ্ভত মাতৃয়ে কয়,সি সুৰাৰ প্ৰতি যথেষ্ট আসক্ত আছিল৷ মই জনা মতে তাৰ এগৰাকী পত্নী আছিল৷ কিন্ত ককৰ্ট ৰোগত আক্ৰান্ত হৈ পত্নীৰ মৃত্যু হোৱাৰ পিছৰে পৰা সুৰাপান বেছিকৈ কৰিব লয়৷ এই ক্ষেত্ৰত বাধা দিলেও মনা নাছিল সি ৷

মাতৃয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে,সঞ্জয় আৰক্ষী বিভাগত কৰ্মৰত আছিল ৷ আৰক্ষীৰ সি নাগৰিক স্বেচ্ছাসেৱক আছিল ৷
আনহাতে ঘটনাটোৰ সন্দৰ্ভত মাতৃ গৰাকীয়ে কয়,ঘটনাটো সংঘটিতৰ দিনটোত সি ক’ত আছিল  আৰু কেনেদৰে ঘটনাটো হ’ল মই এই বিষয়ে নাজানো ৷ যদি তাৰ দ্বাৰা এই ঘটনা হৈছে ৷ তেন্তে ইয়াৰ শাস্তি হ’ব লাগে প্ৰাণদণ্ড ৷ কিয়নো ময়ো এগৰাকী মাতৃ ৷ সকলোৰে মৰ্মবেদনা মই বুজি পাও ৷

সঞ্জয়ৰ ভগ্নীয়েও প্ৰাণদণ্ড বিচাৰে ভাতৃৰ ৷ ভাতৃৰ কাণ্ডৰ বাবে তেওঁলোক অতিশয় লজ্জিত ৷ মহিলা চিকিৎসকৰ সৈতে যি ঘটনা ঘটিল ৷ সেয়া হ’ব নালাগিছিল ৷ কিন্ত সেয়া সংঘটিত হ’ব ৷নিসন্দেহে এইয়া গৰিহণাযোগ্য ৷ শাস্তিৰ যোগ্য ৷ শাস্তিৰ হ’ব লাগে ফাঁচী ৷ এনে শাস্তি আমি মানি ল’ম বুলি মন্তব্য কৰে সঞ্জয় ভগ্নীয়ে ৷

Exit mobile version