Kolkata rape-murder case: IMA issues 48-hour ultimatum, threatens nationwide protests:কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ডৰ দেশজুৰি উত্তাল প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ভাৰতীয় চিকিৎসক সন্থাৰ, আজিৰ পৰা দেশজুৰি চিকিৎসকৰ দুদিনীয়া ধৰ্মঘট, বন্ধ হৈ পৰিল বহি:বিভাগ ,পূৰ্ব নিৰ্ধাৰিত অস্ত্ৰোপচাৰ, জিএম চিএইছ সহ অসমতো চিকিৎসকৰ ধৰ্মঘট

gmch

Kolkata rape-murder case: IMA issues 48-hour ultimatum, threatens nationwide protests:

ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বানক্ৰমে আজি ২৪ ঘণ্টীয়া ধৰ্মঘট পালন কৰে চিকিৎসকসকলে । কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংঘটিত জঘন্য ঘটনাৰ প্ৰতিবাদত চিকিৎসকৰ প্ৰতিবাদৰ ফলত দেশৰ চিকিৎসালয় মহাবিদ্যালয়ৰ লগতে অসামৰিক চিকিৎসালয় সমূহত বহি:বিভাগৰ সেৱা আৰু পূৰ্ব নিৰ্ধাৰিত অস্ত্ৰোপচাৰসমূহ বন্ধ ৰখা হৈছে ৷ অৱশ্যে বিশেষ জুৰুৰীকালীন সেৱা পূবৰ দৰে অব্যাহত থাকিব ৷ শণিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ অব্যাহত থাকিব ভাৰতীয় চিকিৎসক সন্থাৰ এই ধৰ্মঘট কাৰ্যসূচীৰ।

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকক অপকৰ্ম আৰু হত্যাকাণ্ড প্ৰতিবাদত আৰু চিকিৎসকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত ভাৰতীয় চিকিৎসক সন্থাই এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

উল্লেখ্য যে ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক বল্যাৎকাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল এটা দুবৃৰ্ত্তৰ দলে। এই জঘন্য ঘটনাৰ পিছতে ক্ষোভত ফাটি পৰে চিকিৎসক সকল ৷ আনহাতে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই লোমহৰ্ষক ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআই দিয়াৰ নিৰ্দেশৰ পিছত ইতিমধ্যে কলকাতাত চিবিআইৰ এক উচ্চস্তৰীয় দল উপস্থিত হৈ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ সহ বহু কেইজন বিষয়া – কৰ্মচাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

মনকৰিবলগীয়া যে,৯ আগষ্টত জঘন্য ঘটনাৰ সংঘটিতৰ পিছতে ৰহস্যজনকভাৱে ১৫ আগষ্টৰ নিশা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে চিকিৎসক গৰাকীক ধৰ্ষণ- হত্যাকাণ্ডৰ স্থানো ভাঙি চুৰমাৰ কৰাৰ লগতে প্ৰতিবাদী কনিষ্ঠ চিকিৎসক ছাত্ৰক আক্ৰমণ কৰে ৷ এই ঘটনাৰ প্ৰতিবাদত শুক্ৰবাৰৰ পৰাই কলকাতাত চিকিৎসক সকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখে।

আনহাতে কলকাতাৰ জঘন্য ঘটনাৰ প্ৰতিবাদত অসমতো চিকিৎসক সকলে শুক্ৰবাৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি ভাৰতীয় চিকিৎসক সন্থাই ২৪ঘন্টীয়া দেশজুৰি চিকিৎসকৰ দুদিনীয়া ধৰ্মঘটৰ প্ৰতি জিএমচিএইছ,অসম চিকিৎসা মহাবিদ্যালয় সহ ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসামৰিক চিকিৎসালয়ত চিকিৎসক সকল প্ৰতিবাদত বহে ৷

একেদৰে ধৰ্ষণ – হত্যাৰ প্ৰতিবাদত আৰু দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবীত আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা ১২ বজালৈ গুৱাহাটীস্থ এইমছৰ চিকিৎসক সকলে প্ৰতিবাদ কাৰ্যসূচীৰ ৰূপায়ণ কৰে।

Exit mobile version