Guwahati City Centre:মহানগৰীৰ খৃষ্টানবস্তিৰ চিটী চেণ্টাৰত বোমাতংক !

সদাব্যস্ত চিটী চেন্টাৰত আতংকময় পৰিবেশ, কৰ্তৃপক্ষই মাইক যোগে বাহিৰলৈ উলিয়ালে গ্রাহক-সুৰক্ষাকৰ্মীক, বন্ধ কৰি দিয়া হয় পিভিআই, চিনেমা হল, ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল 

city centre

Guwahati City Centre:

মহানগৰীৰ সদাব্যস্ত জি এছ ৰোডত বোমাতংক ৷ খৃষ্টানবস্তিস্থ চিটী চেণ্টাৰত হঠাতে সোমবাৰে বিয়লী হুৱাদুৱা লাগে ৷ বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আঠমহলীয়া মলটোত ৷

কৰ্তৃপক্ষই মাইক যোগে বাহিৰলৈ উলিয়াই পঠিয়াই গ্রাহক আৰু মলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা সুৰক্ষাকৰ্মী সকলক ৷ আনকি লগে লগে বন্ধ কৰি দিয়া হৈছে পিভিআই, ছবিগৃহ। একেদৰে মলৰ ভিতৰত থকা সকলো দোকান-পোহাৰো বন্ধ কৰি দিয়া হয়।
আনহাতে এনে এক আতংকময় পৰিস্থিতিৰ মাজতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ,অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু বোমা বিশেষজ্ঞৰ দল ৷ স্নিফাৰ ডগৰ সহায়ত বোমা বিশেষজ্ঞৰ দলে ইতিমধ্যে মলৰ ভিতৰত বোমাৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

আনহাতে , চিটি চেন্টাৰৰ কৰ্তৃপক্ষই গেটত আঁৰি দিছে সতৰ্কতামূলক জাননী। অৱশ্যে জানিব পৰা হোৱা নাই প্ৰকৃত ঘটনা ৷

Exit mobile version