Kolkata Rape-mothet Case:Nirvaya’s mother is unhappy with C M Mamata Banerjee’s Role: মুখ্যমন্ত্রী মমতাৰ ভূমিকাত অসন্তুষ্ট নির্ভয়া মাতৃৰ

পৰিস্থিতি নিয়ন্ত্ৰণত ব্যর্থ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক:নির্ভয়া মাতৃ

nibhawa

Kolkata Rape-mothet Case:Nirvaya’s mother is unhappy with C M Mamata Banerjee’s Role:

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত প্রশিক্ষার্থী মহিলা চিকিৎসকক দলবদ্ধ ধর্ষণ আৰু হত্যা কৰাৰ ঘটনাক লৈ দেশজুৰি ব্যাপক প্রতিবাদ আন্দোলন অব্যাহত আছে। এনে পৰিস্থিতিতে এই ঘটনাৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিলে ২০১২ত দিল্লীত দলবদ্ধ ধর্ষণ-হত্যাৰ পীড়িত নির্ভয়াৰ মাতৃ আশা দেৱীয়ে।

নির্ভয়াৰ মাতৃয়ে এনে ঘটনা প্ৰতিৰোধত ব্যর্থ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে পদত্যাগ দাবী কৰিলে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দেৱীয়ে এইদৰে ক’লে, ‘মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এনে ঘটনাৰ প্ৰতিবাদকাৰী ব্যক্তিৰ কণ্ঠৰোধ কৰিব বিচাৰিছে। দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে মমতাই ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। তেওঁ নিজে এগৰাকী মহিলা। এখন ৰাজ্যক মুৰব্বী হিচাপে নিজৰ দায়িত্ব পালন কৰি তেওঁ দোষীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগিছিল।

কিন্তু পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ তেওঁ সফল নহ’ল। নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰা উচিত।’ দেৱীয়ে লগতে কয় যে যেতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তি দিয়াৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে দায়িত্ব পালন নকৰিব, দেশত তেতিয়ালৈকে প্রতিদিনে এনে ধৰণৰ বৰ্বৰ ঘটনা হৈয়ে থাকিব।

Exit mobile version