Trump uses Tulsi to challenge Kamala:কমলাক প্ৰত্যাহ্বান জনাবলৈ তুলসীক হাতিয়াৰ ট্ৰাম্পৰ

tulsi

Trump uses Tulsi to challenge Kamala:

আমেৰিকাত অহা পাঁচ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতি নির্বাচনক লৈ ৰিপাব্লিকান পার্টি আৰু ডেম’ক্রেটিক পাৰ্টিৰ দুই প্রার্থী তৎপৰ হৈ উঠিছে। আসন্ন নির্বাচনত ডেম’ক্রেটিক কমলা হেৰিছৰ স’তে তীব্র প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব ৰিপাব্লিকান ড’নাল্ড ট্রাম্প।

একাধিক প্রাক নির্বাচনী সমীক্ষাৰ তথ্য অনুসৰি জনপ্রিয়তাৰ দিশত ট্রাম্পক পিছ পেলাই অগ্ৰসৰ লাভ কৰিছে ভাৰতীয় বংশোদ্ভূত কমলাই। কমলাৰ বর্ধিত জনপ্রিয়তা প্রত্যাহ্বান জনাবলৈ ৰিপাব্লিকান ট্রাম্পে এইবাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে তুলসী গাবার্ডক। তুলসী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু হিচাপে পৰিচিত।

প্রকাশিত বাতৰি অনুসৰি অহা ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি বিতর্ক অনুষ্ঠানত প্রতিদ্বন্দ্বী কমলাক বিপাকত পেলাবলৈ তুলসীৰ সাহায্য গ্রহণ কৰিছে ট্রাম্পে। সংবাদ মাধ্যমৰ আগত ট্রাম্পৰ মুখপাত্র কেৰ’লিন লিভিটে এইদৰে ক’লে, ‘উক্ত বিতৰ্কৰ বাবে ড’নাল্ড ট্রাম্পক কোনো প্রস্তুতিৰ প্রয়োজন নাই। অৱশ্যে তেওঁ তুলসী গাবাৰ্ডৰ দৰে নীতি উপদেষ্টাৰ স’তে আলোচনা কৰি যাব।

২০২০ৰ এক বিতর্ক মঞ্চত কমলা হেৰিছকপ্রবল প্রত্যাহ্বান জনাইছিল তুলসীয়ে। কিদৰে যুক্তিৰে কমলাক তর্কযুদ্ধত ধৰাশায়ী কৰিব পাৰি, সেই বিষয়ে ট্রাম্পক পৰামর্শ দিছে তুলসীয়ে।’

Exit mobile version