Akhil Gogoi Pressmeet:ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাসক অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ

৩০ জাতীয় সংগঠনৰ দাবীক পূৰ্ণ সমৰ্থন গগৈৰ

akhil gogoi image

Akhil Gogoi Pressmeet:

১৩ আগষ্টত শিৱসাগৰৰ একাংশ ব্যৱসায়ীৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক শাৰীৰিকভাৱে নির্যাতিত হোৱাৰ পিছত সোমবাৰে ৩০ টা জাতীয় সংগঠনে বহিৰাগত বণিয়া’ৰ বিৰুদ্ধে সহস্রাধিক জনতাই নগৰৰ ৰাজপথ কঁপাই তোলে।

দলমুখ চাৰিআলিত জিলা খনৰ দল-সংগঠনৰ সমবেত হোৱা হেজাৰ হেজাৰ ৰাইজৰ ৰুদ্ৰৰূপ দেখি শিৱসাগৰৰ একাংশ ব্যবসায়ী গোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

আনহাতে শিৱসাগৰৰ ঘটনাক লৈ আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ গগৈয়ে কয়,ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক শাৰীৰিকভাৱে নির্যাতণ কৰা অনা অসমীয়া ব্যৱসায়ী পাঁচজনৰ ওপৰত আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা ল’ব লাগে ৷ ইতিমধ্যে তিনিজনক আটক কৰিছে যদিও আন দুজনকো তৎকালেই গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে ৷
আনহাতে কিশোৰী পাঞ্জা খেলুৱৈ গৰাকীক প্ৰহাৰ কৰা আটাইকেইজনৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰজু কৰাৰো দাবী কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

একেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ গৰাকীক চৰকাৰে ক্ষতিপূৰণ হিচাপে বিশ লাখ টকাৰ দিয়াৰ দাবী কৰি বিধায়ক গৰাকী উল্লেখ কৰে যে শিৱসাগৰৰ ৩০ টা জাতীয় সংগঠনে এই ঘটনাক লৈ চৰকাৰৰ প্ৰতি যি তিনিটা দাবী উদ্থাপন কৰিছে । সি সাম্প্ৰতিক সময়ত সময়োচিত দাবী। এই দাবীৰ প্ৰতি বিধায়ক হিচাপে পূৰ্ণ সমৰ্থন আছে ৷ তেওঁলোকৰ তিনি দাবীৰ ভিতৰত খিলঞ্জীয়াৰ ভূমি অনা অসমীয়াই ক্ৰয় কৰিব নোৱাৰিব ৷

জিলা খনত ব্যৱসায় কৰি থকা প্ৰতিটো প্ৰতিষ্ঠানত থলুৱাৰ বাবে ৯০ শতাংশ সংৰক্ষিত হোৱাৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰযোজ্য হোৱাটো বাধ্যতামূলক ৷ এই দাবীৰ প্ৰতি সম্পূৰ্ণ আগবঢ়াই বিধায়ক গৰাকীয়ে কয়,চৰকাৰে শেহতীয়াকৈ নামনি অসমৰ বৰপেটা সহ কে’বাখনো জিলাত খিলঞ্জীয়াৰ ভূমি অন্য লোকক বিক্ৰী কৰিব নোৱাৰা সন্দৰ্ভত যি বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে । তাত উজনিৰ পাঁচ জিলা ক্ৰমে শিৱসাগৰ শিৱসাগৰ,যোৰহাট,তিনিচুকীয়া আৰু গোলাঘাটতো অনা অসমীয়াই খিলঞ্জীয়াৰ মাটি ক্ৰয় কৰিব নোৱাৰা বিষয়টো সংযোজন কৰাৰ দাবী কৰে গগৈয়ে।

Exit mobile version