Sivsagar Incident:পাঞ্জা খেলুৱৈ জিমি দাসক অনা অসমীয়া ব্যৱসায়ীক প্ৰহাৰ কৰা ঘটনাক লৈ উত্তাল শিৱসাগৰ

শিৱসাগৰৰ ৰাইজৰ সন্মুখত আঁঠু লৈ ক্ষমা ভিক্ষা মাৰোৱাৰী লোকৰ, জিমি দাসৰ পৰিয়ালক চিকিৎসাৰ বাবে ২ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি মাৰোৱাৰী সমাজৰ

sivsagar 1

Sivsagar Incident:

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পাঞ্জা জিমি দাসক শিৱসাগৰৰ মাজমজিয়াত তিনিজনকৈ অনা অসমীয়া ব্যৱসায়ীয়ে আক্ৰমণৰ কৰা ঘটনাক লৈ বহিৰাগতৰ বিৰুদ্ধে ব্যাপক আন্দোলন হৈছিল শিৱসাগৰত ৷ ত্ৰিশটাকৈ জাতীয় সংগঠনে ৰাজপথ উত্তাল কৰাৰ পিছত স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈছিল অনা অসমীয়াৰ ব্যৱসায়ীৰ ৷

ইয়াৰ পিছতে আজি এই ঘটনাৰ সন্দৰ্ভত ত্ৰিশ সংগঠন নেতৃবৰ্গ,শিৱসাগৰ জ্যেষ্ঠ নাগৰিক আৰু প্ৰশাসনৰ উপস্থিতিত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে এক যুৱদলত অনুষ্ঠিত এক ৰাজহুৱা সভাত মিলিত হয় ৷ সভাত উপস্থিত থাকে শিৱসাগৰৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷

তাৎপৰ্যপূৰ্ণভাৱে এই সভাতে জাতীয়তাবাদী দল-সংগঠন, শিৱসাগৰৰ ৰাইজৰ সন্মুখত আঁঠু লৈ ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ । ক্ষমা খোজাত পলম হোৱা বুলি দুখ প্রকাশ মাৰোৱাৰী সমাজৰ। আহত পাঞ্জা খেলুৱৈ জিমি দাসক চিকিৎসাৰ বাবে আগবঢ়াব ২ লাখ টকাৰ সাহার্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সমাজে ৷

আনহাতে এই সম্পৰ্কত মাৰোৱাৰী সমাজৰ হৈ এগৰাকী বিষয়ববীয়াৰ মন্তব্য ,আমি দেৰিকৈ হ’লেও এই ঘটনাৰ নিন্দা কৰিছোঁ। আমি সদায় একেলগে আছোঁ ৷

উল্লেখ্য যে, এই সভাতে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই উদাত্ত কষ্ঠৰে শিক্ষামন্ত্ৰীৰ উপস্থিতিত পুনৰ হুংকাৰ দি কয় যে, এই ঘটনাই শেষ ঘটনা হওক। খিলঞ্জীয়াৰ বিৰুদ্ধে অনাগত দিনত এনে ঘটনা পুনৰাবৃত্তি হ’লে এইবাৰ ক্ষান্ত নহয় থলগিৰী অসমীয়া জনতা।

উল্লেখযোগ্য ,বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে দেওবাৰে দিছপুৰ থানাত বিজেপিত থকা মাৰোৱাৰী যুৱ ব্যৱসায়ী গৌৰৱ ছোমানীয়ে গোচৰ তৰিছিল ৷ কিন্ত সোমবাৰে আলফা (স্বাঃ)ই গোচৰ প্ৰত্যাহাৰ নকৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ ভাবুকি দিছিল। অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে। দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ কৰে গৌৰৱ ছোমানীয়ে ৷

আনহাতে, আলফা (স্বাঃ)ৰ ভাবুকিৰ পাছতেই গৌৰৱ ছোমানীৰ সুৰক্ষা বৃদ্ধি কৰে আৰক্ষী প্ৰশাসনে৷ গৌৰৱ ছোমানীক দিয়া হৈছে দুজনকৈ ব্যক্তিগত সশস্ত্ৰ দেহৰক্ষী

ইপিনে,শৃংখল চলিহাৰ বিৰুদ্ধে শংকৰ নামৰ অনা অসমীয়া ব্যৱসায়ীয়ে আজি ভৰলুমুখ থানাত ৰজু কৰিছে গোচৰ। উল্লেখ্য যে শংকৰ হিন্দুস্থানী যুৱ সন্মিলন নামৰ হিন্দীভাষী সংগঠন এটাৰ সভাপতি ।

Exit mobile version