Fake SSB soldier arrested in Tihu: নকল এচিপি , নকল চিবিআই বিষয়াৰ পিছত এইবাৰ আভিৰ্ভাৱ নকল এছ এছ বি জোৱান

সামৰিক পোছাকত পাইচাৰি কৰি থকা অৱস্থাত ৰাইজে আটক কৰিলে কিশোৰক

fake solder

Fake SSB soldier arrested in Tihu:

গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ য’তে ত’তে এতিয়া পয়োভৰ ঘটিছে ভুৱা আৰক্ষীৰ ৷ পৰিস্থিতি এনেকুৱা হৈছেগৈ যে আৰক্ষী বিষয়াৰ পোছাক পৰিহিত নকল আৰক্ষীয়ে আন আৰক্ষীৰ স’তে কৰ্তব্য সম্পাদনো কৰিছে ৷

এনেদৰে নকল এচিপি , নকল চিবিআই বিষয়াৰ পিছত এইবাৰ আভিৰ্ভাৱ হ’ল নকল এছ এছ বি জোৱানৰ ৷ গুৱাহাটী আৰক্ষীৰ তৎপৰতাত ইতিপূৰ্বে এজন ভুৱা এচিপি আৰু ভুৱা চিবিআই বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত নলবাৰীৰ টিহু ৰে’ল ষ্টেচনত ওলাল ভুৱা এছএছবি জোৱান।

মঙলবাৰে টিহু চহৰৰ বিভিন্ন স্থানত এছএছবিৰ পোছাক পৰিহিত এজন কিশোৰ ঘূৰি ফুৰিছিল । এইক্ষেত্ৰত স্থানীয় ৰাইজৰ কিশোৰ জনৰ চালচলনত সন্দেহ হোৱাত কিশোৰজনক সোধপোছ কৰাৰ ওলাই পৰিল প্ৰকৃত ঘটনা ৷ আচলতে কিশোৰ জন এছএছবি জোৱান নহয় ৷ কিন্ত নিজকে এছএছবি জোৱান বুলি চিনাকি দি তেওঁ এছএছবি গাড়ী চালক বুলিও উল্লেখ কৰে ৷

কিশোৰ জনৰ সামঞ্জস্যহীন কথাত সন্দেহ হোৱাত ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ পিছত নকল এছএছবি জোৱান ৰূপী কিশোৰজনক টিহু আৰক্ষীয়ে আটৰ কৰে ৷

Exit mobile version