Tripura Flood Situation:ত্ৰিপুৰাৰ প্ৰলয়ংকৰী বানত আবদ্ধ বানাক্ৰান্ত সকলৰ উদ্ধাৰ অভিযানত নিয়োজিত আসাম ৰাইফলছৰ মহিলা জোৱান

tripura 2

Tripura Flood Situation:

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বানত আবদ্ধ লোকসকলক উদ্ধাৰ বাবে নিয়োজিত হৈছে অসম ৰাইফলছৰ মহিলা জোৱান সকল।

উল্লেখযোগ্য যে,ত্ৰিপুৰাত উদ্ভৱ হোৱা ভয়ংকৰ বান পৰিস্থিতিৰ বাবে অসম ৰাইফলছে একাধিক স্হানত পৃথকে উদ্ধাৰ অভিযান চলাইছে ৷ ৰাজ্যখনৰ পূব কাঞ্চনবাৰী,কুমাৰঘাট,উনাকটি জিলা,গোমটি জিলাৰ অমৰপুৰ,বিশালগড়<চেপাহীজালা জিলাৰ দক্ষিণ ত্ৰিপুৰাত অসম ৰাইফলছে বানৰ কবলত পৰা সকলৰ উদ্ধাৰ অভিযানত দিনে -নিশাই নামি পৰিছে ৷ ইয়াৰ ভিতৰত বিশালগড়,ছেপাহিজিলাত ৰাইফলছ মহিলা জোৱান সকলে বানত আৱদ্ধ লোকক উদ্ধাৰ কৰাৰ লগতে বান শিৱিৰলৈ আনি তেওঁলোকক প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰিছে ৷

এনে দুৰ্গত অঞ্চলত অসম ৰাইফলৰ মহিলা ৰাইফলছ অৰ্থাৎ মহিলা কৰ্মী সকলক নিয়োগ কৰা হৈছে আৰু তেওঁলোকে বিশেষকৈ বানত আক্ৰান্ত অঞ্চলৰ মহিলাসকলক উদ্ধাৰৰ লগতে বিভিন্ন ধৰণে সহায় কৰিছে ৷ আজি অসম ৰাইফলছে ৰাজ্যখনৰ মুঠ ৭৫০জনক উদ্ধাৰ কৰাৰ লগতে চিকিৎসা তথা প্ৰয়োজনীয় সেৱা আগবঢ়াইছে ৷ অসম ৰাইফলছে এই সময়ত অসামৰিক প্ৰশাসন আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ স’তে সমন্বয় ৰক্ষা কৰি এই অভিযান চলাই যোৱা বুলিও আজি এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে ৷

Exit mobile version