Police constable arrested In Dhubri:পুলিচ ভেৰিফিকেচনৰ নামত জালিয়াতি কৰি আৰক্ষীৰ জালত আৰক্ষী কনিষ্টবল

fuoud dhubri

Police constable arrested In Dhubri:

সৰিয়হ ডুলিত ভুত ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন আৰক্ষী কনিষ্ঠবলৰ ক্ষেত্ৰত ৷ পুলিচ ভেৰিফিকেচনৰ নামত জালিয়াতি কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা ধুবুৰী সদৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন আৰক্ষী কনিষ্টবলক ৷ ধৃত কনিষ্টবলজন নাম আকবৰ আলী। ঘৰ ঝগৰাপাৰত থকা ধুবুৰী মেডিকেল কলেজ হাস্পতালৰ সমীপত ৷

ধৃত আকবৰ আলী ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আছিল ৷উদ্থাপিত অভিযোগ অনুসৰি আলীয়ে বহুদিন ধৰি পুলিচ ভেৰিফিকেচনৰ নামত জালিয়াতিৰে ৰমৰমীয়া ব্যৱসায় চলাই আছিল ৷ এই সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই তথ্য লাভ কৰে কালি নিশাই আলীক নিশাই বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি ধুবুৰী থানালৈ লৈ আনি অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version