Shipping Minister Sarbananda Sonowal Visit Mumbai ports:মুম্বাই বন্দৰৰ বাবে ১৩৬৬.৮১ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কেন্দ্ৰীয় জাহাজ দপ্তৰৰ মন্ত্ৰী সর্বানন্দ সোণোৱালৰ

পীৰ পাউৰ তৃতীয় ৰাসায়নিক বাৰ্থত পৰীক্ষামূলক অভিযানৰ শুভাৰম্ভ আৰু তীৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিত জৱাহৰ দ্বীপ প্রকল্পৰো আধাৰশিলা স্থাপন সোণোৱালৰ

port 2

Shipping Minister Sarbananda Sonowal Visit Mumbai ports:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত বিশ্ব পৰ্যায়ৰ য়াট ছেইলিং সুবিধা স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে। এই ভ্রমণকালত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মুম্বাই বন্দৰৰ বাবে ১৩৬৬.৮১ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

সেউজ ইন্ধন পৰিস্থিতিতন্ত্র ত্বৰান্বিত কৰিবলৈ মুম্বাই বন্দৰ প্ৰাধিকৰণ, এমপিএছএফ আৰু এইচপিচিএলৰ মাজত শুকুৰবাৰে কেন্দ্রীয় জাহাজ আৰু বন্দৰ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তদুপৰি ডিকাৰ্বনীকৰণ, ডিজিটাইজেচন আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ডেট নস্কে ভেৰিটাছ (ডিএনডি) আৰু এমপিএছএফৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

আনহাতে সর্বানন্দ সোণোৱালে পীৰ পাউত নৱনির্মিত তৃতীয় ৰাসায়নিক বাৰ্থৰ পৰীক্ষামূলক অভিযানৰো শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “তীৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিত জৱাহৰ দ্বীপ প্ৰকল্প”ৰ আধাৰশিলা স্থাপন কৰে। সোণোৱালে মেৰিন অইল টার্মিনেলত এছচিএডিএ আৰু পিএলচি অটোমেচন প্রণালী, মুম্বাই বন্দৰত আইপোর্টমেন ব্যৱস্থা, ইষ্টেট অপাৰেচন মেনেজমেন্ট ছিষ্টেম ই.ও.এম.এছ. প্রণালীৰো শুভ উদ্বোধন কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মুম্বাই বন্দৰ বহনক্ষম ফাউণ্ডেচনৰো শুভ উদ্বোধন কৰে।

অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, ” প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে সেউজ বন্দৰ পদক্ষেপ ত্বৰান্বিত কৰাৰ লগতে বন্দৰ আন্তঃগাঁথনি বিশ্বমানৰ কৰি তোলাত অগ্ৰাধিকাৰ দি আহিছে। দেশৰ বিদ্যমান সম্পদৰ পৰা মূল্য উন্মুক্ত কৰিবলৈ, বহনক্ষম উৎপাদনৰ বাবে সম্পদৰ আধুনিকীকৰণৰ ক্ষেত্রত একাধিক পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মোদীৰ বলিষ্ঠ নেতৃত্বত আমি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশে ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ। এইক্ষেত্রত সামুদ্রিক খণ্ডক সুসজ্জিত আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব দি অহা হৈছে।”

মুম্বাই বন্দৰৰ পর্যটন পদক্ষেপ সন্দৰ্ভত আৰু আজি ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ৰ সৈতে সংগতি ৰাখি এখন চুটি চলচ্চিত্র কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত প্রদর্শিত হৈছিল। ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ৰ সন্মানত অভিবাদন জনোৱাৰ বাবে মুম্বাই হাৰ্বাৰত সকলো জাহাজে হৰ্ণ পৰিৱেশন কৰে।

মুম্বাই বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ ৰাজীৱ জালোতাই আজি আদৰণি ভাষণ প্ৰদান কৰে আৰু তাৰপাছতেই শুল্ক বিভাগৰ মুখ্য আয়ুক্ত নীতিশ কুমাৰ সিনহাই ভাষণ প্রদান কৰে।

Exit mobile version