শ্ৰীৰামচন্দ্ৰৰ জন্মস্থান অযােধ্যাক বিশ্বমানৰ ধৰ্মীয় স্থানত পৰিগণিত কৰাৰ সংকল্প লৈছে উত্তৰ প্ৰদেশৰ যােগী আদিত্যনাথ চৰকাৰে। বহু বিতৰ্কৰ অৱসান ঘটাই অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে; কিন্তু অযােধ্যাক কাগজে-কলমে ‘ৰামনগৰীলৈ ৰূপান্তৰিত কৰাৰ প্রচেষ্টা যােগী চৰকাৰে সমান্তৰালভাৱে আৰম্ভ কৰিছে।
এই ক্ষেত্ৰত কিছু আগবাঢ়ি উত্তৰ প্ৰদেশ চৰকাৰে অযােধ্যা বিমানকোঠৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে। বিমানকোঠৰ নাম সলাই ‘মর্যাদা পুৰুষােত্তম শ্ৰীৰাম বিমানকোঠ’ ৰখাৰ প্ৰস্তাৱতকালি সঁহাৰি জনায় যােগী চৰকাৰে। ইয়াত চূড়ান্ত মােহৰৰ বাবে এই প্রস্তাৱ শীঘ্ৰে অসামৰিক বিমান মন্ত্রণালয়লৈ প্ৰেৰণ কৰিব। কালি মুখ্যমন্ত্রী যােগীৰ উপস্থিতিত উত্তৰ প্রদেশ মন্ত্রীসভাৰ এক বৈঠকত এই প্রস্তাৱ গৃহীত হয়। তাৰ পাছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বিবৃতি প্রকাশ কৰি জনােৱা হয় যে অযােধ্যাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ।
অযােধ্যা চহৰক বিশ্বমানৰ পর্যটন কেন্দ্ৰৰূপে তুলি ধৰাই চৰকাৰৰ লক্ষ্য। তাৰ বাবে প্রয়ােজনীয় আন্তঃগাঁথনি গঢ়ি তুলিবলৈ এটা আন্তর্জাতিক পৰামর্শদাতা সংস্থাৰ সাহায্যও গ্রহণ কৰিব। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্রী কেশৱপ্ৰসাদ মৌর্যই টুইটাৰত লিখে, মন্ত্রীসভাত অযােধ্যা বিমানকোঠৰ নাম সলাই মর্যাদা পুৰুষােত্তম ভগৱান শ্ৰীৰামৰ নামত নামকৰণৰ প্ৰস্তাৱ গৃহীত হৈছে। আপােনালােকৰ চৰকাৰ শ্ৰীৰামলালাৰ চহৰ অযােধ্যাক বিশ্বমানৰ ধর্মীয় স্থানৰূপে গঢ়ি তােলাৰ ক্ষেত্ৰত সংকল্পবদ্ধ ।






























