Six Communities Joint Forum Pressmeet:ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ সৰব হ’ল ছয় জনগোষ্ঠীয় যৌথ মঞ্চ

six comunite

Six Communities Joint Forum Pressmeet:

শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাৱত মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা জনগোষ্ঠী কেইটাৰ এক উমৈহতীয়া মঞ্চ “ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম “ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।

সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে কৰা চুড়ান্ত প্ৰতাৰণাৰ সন্দৰ্ভত মঞ্চৰ অংশীদাৰী প্ৰতিটো সংগঠনৰ নেতৃবৃন্দই আলোকপাত কৰি চৰকাৰৰ ভুমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নিৰবিচ্ছিন্ন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম লানি কাৰ্যসূচী ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰে।

সভাৰ শেষত এই সন্দৰ্ভত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ হৈ টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ সভাপতি দিগন্ত তামুলী, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গডউইন হেমৰম, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোহাঁই, মৰাণ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি মৰাণ, , সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকাই এক সংবাদ মেল আহ্বান কৰে।

সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ কোনো সদিচ্ছা নাই আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ব্যৱহাৰ কৰি আহিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণে নিৰ্দিষ্ট ৰাজনৈতিক নেতা আৰু দলৰ ক্ষমতাৰ ৰাজনীতি আৰু সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিছৰা নাই।

জনজাতিকৰণ নোপোৱা পৰ্যন্ত এইবাৰ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই জনজাতিকৰণৰ দাবীত নিৰ্ণায়ক পৰ্যায়ৰ চুড়ান্ত আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যাৱ বুলি টাইপাৰ সভাপতি গৰাকীয়ে সংবাদ মেলত অৱগত কৰে। সংবাদ মেলত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ নেতৃত্বই এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে।

সভাৰ সিদ্ধান্ত অনুসৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ৪ ছেপ্টেম্বৰ তাৰিখে প্ৰতি জিলা মহকুমা সদৰত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী , অসমৰ মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ, ২৮ ছেপ্টেম্বৰত লক্ষীমপুৰত, ১৬ অক্টোবৰত তিনিচুকীয়াত, ৩ অক্টোবৰত বিশ্বনাথত, অক্টোবৰত,২৩ অক্টোবৰত শিৱসাগৰত , ৩০ অক্টোবৰত শ্ৰীৰামপুৰত ধৰ্ণা কাৰ্যসূচী, ১৩ নবেম্বৰত “দিচপুৰ লৈ যাওঁ” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ আৰু পৰৱৰ্তী সময়ত বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত কৰি জিলাই জিলাই গণ সমাবেশ অনুষ্ঠিত হ’ব।

Exit mobile version