Techniche 2024: IIT Guwahati’s Premier Techno-Management Fest Returns:টেকনিশ্ব্ ২০২৪: পুনৰ অনুষ্ঠিত হ’ব আই আই টি গুৱাহাটীৰ বিশেষ টেকন’-মেনেজমেণ্ট মহোৎসৱ

iit tech

Techniche 2024: IIT Guwahati’s Premier Techno-Management Fest Returns:

২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক টেকন’-মেনেজমেণ্ট মহোৎসৱ টেকনিশ্ব্ ২০২৪ ৰ বিষয়ে ঘোষণা কৰিছে আই আই টি গুৱাহাটীয়ে। উল্লেখ্য যে, এই বাৰ্ষিক টেকন’-মেনেজমেণ্ট মহোৎসৱ হৈছে উদ্ভাৱন, সৃষ্টিশীলতা আৰু প্ৰতিযোগিতাৰ এক অনন্য সংগম। প্ৰতি বছৰে টেকনিশ্বে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলক আকৰ্ষণ কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব বুলি আশা কৰা হৈছে।

টেকনিশ্ব্ ২০২৪ত আই আই টি, এন আই টি, আই আই এম, আই এছ বি আৰু অন্যান্য সুপৰিচিত আঞ্চলিক মহাবিদ্যালয়ৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ অংশগ্ৰহণকাৰীসকলে অংশগ্ৰহণ কৰিব। বিভিন্ন শৈক্ষিক ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যাহ্বানমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকৰ উদ্ভাৱন আৰু কাৰিকৰী দক্ষতাৰ নিদৰ্শন আগবঢ়াব। প্ৰধান প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে অভিযান্ত্ৰিক সৃষ্টিশীলতা প্ৰদৰ্শন কৰা ৰব’ৱাৰ্ছ আৰু একুৱা ৱাৰ্ছ, য’ত অংশগ্ৰহণকাৰীসকলে পানীৰ তলৰ ৰবটিক্সৰ বিশেষজ্ঞতা প্ৰদৰ্শন কৰিব।

আনহাতে এই প্ৰতিযোগিতাসমূহৰ উপৰিও টেকনিশ্ব্ ২০২৪ত নেক্সছ আৰু বক্তৃতা শৃংখলাও আয়োজন কৰা হ’ব, য’ত বিভিন্ন উদ্যোগ আৰু শিক্ষাক্ষেত্ৰৰ বিশিষ্ট বক্তাসকলে তেওঁলোকৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিব। এই অনুষ্ঠানৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধি পাব।

প্ৰণিধানযোগ্য যে, সামাজিক কল্যাণক প্ৰসাৰিত কৰাৰ অভিযানৰ সৈতে সংগতি ৰাখি টীম টেকনিশ্বে্ প্ৰতিষ্ঠিত পৃষ্ঠপোষকসকলৰ সহায়ত চি এছ আৰ পদক্ষেপৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে। তেওঁলোকৰ প্ৰচেষ্টাসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰ পৰিষ্কাৰ কৰা, দূৰৱৰ্তী অঞ্চলসমূহত হেণ্ড ৱাছ আৰু চেনিটাইজাৰ বিতৰণ কৰা, ছোৱালীৰ বিদ্যালয়ত চেনিটেৰী পেডৰ ব্যৱস্থা কৰা, আই আই টি গুৱাহাটী চৌহদত ৰক্তদান অভিযানৰ আয়োজন কৰা, প্ৰতিষ্ঠানটোত বিনামূলীয়াকৈ দন্ত পৰীক্ষাৰ ব্যৱস্থা কৰা আদি। এই পদক্ষেপসমূহে প্ৰযুক্তি আৰু পৰিচালনাৰ পৰিসৰৰ বাহিৰত ইতিবাচক পৰিৱৰ্তন আনিবলৈ টেকনিশ্বৰ সমৰ্পণ প্ৰতিফলিত কৰি আহিছে।

টেকনিশ্ব্ ২০২৪ত বলীউড নাইট আৰু কমেডী নাইটৰ দৰে একাধিক মনোৰঞ্জনৰ বিকল্পও থাকিব, যাৰ ফলত অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাসমূহৰ পৰা জিৰণি লোৱাৰ সুযোগ পাব। এইবাৰ এই উৎসৱত ‘লিগেচী’ নামৰ এক ৰোমাঞ্চকৰ ই-স্প’ৰ্টছ প্ৰতিযোগিতাও প্ৰৱৰ্তন কৰা হৈছে, যিয়ে অংশগ্ৰহণকাৰী আৰু দৰ্শক উভয়কে আকৰ্ষণ কৰিব।

ফাষ্টএক্স আৰু লাইভ এক্সট্ৰিমে উপস্থাপন কৰা, লাৰ্নহিল টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ সহযোগত আয়োজিত টেকনিশ্ব ২০২৪-এ ছাত্ৰ-ছাত্ৰীসকলক www.techniche.org ত কৰ্মশালা আৰু নেক্সছৰ বাবে পঞ্জীয়ন কৰিবলৈ আমন্ত্ৰণ জনাইছে। উপস্থিতসকলে প্ৰ’নাইট, প্ৰদৰ্শনী আৰু অন্যান্য উৎসৱৰ আকৰ্ষণৰ বিনামূলীয়া সুবিধা লাভ কৰিব।

টেকনিশ্ব্ ২০২৪ৰ আহ্বায়ক সম্যক শৰ্মাই কয়, ”৩ দিন আৰু ৪ নিশাৰ বাবে অনুষ্ঠিত হ’বলগীয়া টেকনিশ্বে্ প্ৰযুক্তি আৰু পৰিচালনাৰ এক নিখুঁত মিশ্ৰণ প্ৰদান কৰে।”

৫০,০০০ লোকৰ উপস্থিতি আৰু ৫০ লাখতকৈও অধিক ৱেবছাইট হিটৰ সৈতে, এই অনুষ্ঠানে ৰবটিক্স আৰু পৰামৰ্শদাতা প্ৰতিযোগিতা, বক্তৃতা, উদ্যোগ সন্মিলন, কৰ্মশালা আৰু নিজা মাৰাথনকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে ১০ লাখতকৈ অধিক লোকৰ জীৱনত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।

উত্তৰ-পূব ভাৰত আৰু সমগ্ৰ দেশত প্ৰযুক্তি আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত টেকনিশ্বে্ বিপুল প্ৰভাৱ পেলাইছে আৰু এই অনুষ্ঠান উদীয়মান প্ৰতিভা আৰু উদ্যোগৰ মাজত সেঁতু হিচাপে পৰিগণিত হৈ আহিছে।”

টেকনিশ্ব্ ২০২৪ চমু চাপি অহাৰ লগে লগে আই আই টি গুৱাহাটীয়ে উদ্ভাৱন আৰু সামাজিক প্ৰগতিৰ পোষকতাত নিজৰ সমৰ্পণ পুনৰ এবাৰ দৃঢ় কৰে। সকলোৰে বাবে এক অবিস্মৰণীয় উৎসৱ আয়োজন কৰাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছে আই আই টি গুৱাহাটীয়ে।

Exit mobile version