Dhing Gangrape Incident Update: ধিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড তফাজ্জুল ইছলামৰ মৃত্যু

আৰক্ষী জিন্মাৰ পৰা পলায়ন কৰিবলৈ হেণ্ডকাফ সহ জাপ দিছিল পুখুৰীত, আৰক্ষীৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰে তফাজ্জুলৰ নিথৰ দেহ, এতিয়াও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই আন দুই অভিযুক্ত গোলাপউদ্দিন আৰু ফৰিদুল, তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে তাফাজুলৰ গাঁওবাসীয়ে, তাফাজুলৰ জানাজাত অংশ নলয় ৰাইজে, ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান

tafajul 1

Dhing Gangrape Incident Update:

ৰাজ্য কপাই যোৱা নগাঁৱৰ ধিঙৰ কিশোৰীক দলবদ্ধ ধৰ্ষণকাৰী তফাজ্জুল ইছলামৰ মৃত্যু ৷ শণিবাৰে পুৱতি নিশা আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলীলৈ অনাৰ সময়ত আৰক্ষীৰ জিন্মাৰ পৰা হেণ্ডকাফসহ পলায়নৰ চেষ্টা কৰি সেই স্থানৰ এটা পুখুৰীত জাপ দিয়ে তফাজ্জুলে ৷ পিছত এছডিআৰএফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীত দুঘণ্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰে তফাজ্জুলৰ নিথৰ দেহ

আনহাতে ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সদৰি কৰা মতে,নিশা প্ৰায় ৩ মান বজাত কিশোৰী নিৰ্যাতনকাৰী তফাজ্জুলক লৈ আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলীলৈ লৈ আনিছিল৷ কিন্তু হঠাতে তফাজ্জুলে আৰক্ষীৰ কবলৰ পলায়ন কৰিবলৈ ঘটনাস্থলীৰ এটা পুখুৰীত জাপ দিছিল।

উল্লেখ্য যে,বৃহস্পতিবাৰে ধিঙৰ ভকতগাঁও ৰাজহুৱা শ্মশানৰ সমীপত সন্ধিয়া এগৰাকীদশম শ্ৰেণীৰ ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতাৰ পথত তিনি পাষণ্ডই মুখত সোপা দি দলবদ্ধ ধৰ্ষণ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ৷ তেনেকৈ পথৰ দাঁতিত নাবালিকা ছাত্ৰগৰাকী পৰি থাকিল প্ৰায় ১ ঘণ্টা সময়৷ পিছত পথচাৰীয়ে নাবালিকাগৰাকীক পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত নাবালিকাগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ধিং এফ আৰ ইউলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়।

আনহাতে এই জঘন্য ঘটনাই পিছতে ধিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷নিশাই ধিং আছুৰ সহযোগত আৰু বজাৰৰ সমিতিৰ সহযোগত ধিং থানাত অৱস্থান কৰাৰ লগতে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।ইফালে এই প্ৰতিবাদ সাব্যস্তৰ মাজতে স্বতঃস্ফূৰ্তভাবে বন্ধ হৈ পৰে ধিং বজাৰৰ দোকান- পোহাৰ।

আনহাতে ধৰ্ষণকাৰী তিনি লম্পটক অভিযুক্তক কৰায়ত্ব নকৰা পৰ্যন্ত অনিদিষ্ট কালৰ বাবে ধিং বন্ধৰ আহ্বান জনোৱা হয় ৷ সেই অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা ধিং বজাৰৰ দোকান- পোহাৰ বন্ধৰ মাজতে বিভিন্ন দল- সংগঠনৰ সহযোগত কে’বা সহস্ৰাধিক মহিলাই ৰাজপথত অৱস্থান কৰি হাতত প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদস্থলীত উপস্থিত হয় নগাঁও জিলা আছু,টাই আহোম ছাত্ৰ সন্থা,বীৰ লাচিত সেনাৰ নেতৃবৰ্গ ৷ শিৱসাগৰৰ পৰা ,বীৰ লাচিত সেনাৰ সাংগাঠনিক সম্পাদক শৃংখল চলিহা উপস্থিত হৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে ধিঙৰ জীয়ৰী- বোৱাৰী আৰু নাবালিকা – কিশোৰী যুবতীৰ নিৰাপত্তা দাবী কৰে ৷

আনহাতে ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি সদৰি কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰেই আবেলি ধিঙত উপস্থিত হয় নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং৷

মন্ত্ৰী হাজৰিকা আৰু ডিজিপি গৰাকীয়ে এন এম জি এইছত চিকিৎসাধীন হৈ থকা পীড়িত গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ ৰাইজৰ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছিল ধৰ্ষণকাণ্ডৰ মুল অভিযুক্ত তফাজ্জুল ইছলামক ৷ তফাজ্জুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে আজি পুৱতি নিশা পাষাণ তফাজ্জুলৰ মৃত্যু হয় ৷ বৰ্তমানেও আন দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল পলাতক অৱস্থাত আছে৷গোলাপ উদ্দিন পেছাত নাপিত আৰু ফৰিদুল পেছাত গাড়ী চালক

ইতিমধ্যে তফাজ্জুলৰ মৃতদেহ নগাঁও চিভিল হাস্পতালৰ মৰ্গত ৰখা হৈছে। আনহাতে আন দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

ইফালে আজিও ধিং আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ অব্যাহত আছে ৷ স্বতঃস্ফূৰ্তভাবে বন্ধ আছে ধিং বজাৰৰ দোকান- পোহাৰ ৷ প্ৰতিবাদীস্থলীত উপস্থিত আছিল অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰৰ সভাপতি পলাশ চাংমাই ,পৰিবহন আৰু মীন মন্ত্ৰী কেশৱ মহন্ত।

ইফালে ঘটনাক্ৰমে ধৰ্ষণকাণ্ডৰ মুল অভিযুক্ত তফাজ্জুলৰ গাঁওবাসীও এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে ৷ তেওঁ লোকৰ মন্তব্য অপৰাধীৰ বাবে কোনো স্থান নাই মুছলমান সমাজত’। আমাৰ সমাজত দোষীৰ স্থান নাই। যাৰবাবে ৰাইজৰ সমহীয়া সিদ্ধান্ত তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে সমাজে। তাফাজুলৰ জানাজাত অংশ নলয় ৰাইজে। ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান।

Exit mobile version