Red China has developed a new war strategy:নতুন যুদ্ধনীতি তৈয়াৰ কৰিছে ৰঙা চীনে !

লক্ষ্য বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সেনা বাহিনে গঠন, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰত্যাহ্বান গ্ৰহণৰ ক্ষমতা জিনপিঙে পিএলএক সাজু কৰিছে

jingping@china

Red China has developed a new war strategy:

পুৰণি ৰণকৌশলৰে চীনৰ সেনাবাহিনীয়ে পূর্বে প্রতিবেশী দেশৰ স’তে একাধিক যুদ্ধত জয়লাভ কৰিছিল। কিন্তু এই বাৰ জি জিনপিঙৰ দেশখনে যুদ্ধনীতি সলনি কৰিবলৈ সাজু হৈছে। শক্তিশালী শত্রু তথা বিৰোধীৰ স’তে সম্ভাব্য যুদ্ধত জয়লাভ কৰিবলৈ বেইজিঙে প্রস্তুত কৰিছে নতুন যুদ্ধনীতি।

ইয়াৰ বাবে বেইজিঙে দেশখনৰ সেনাবাহিনীক নতুনকৈ গঠনৰো পৰিকল্পনা গ্রহণ কৰিছে। চীনে এতিয়া আমেৰিকাক দেশখনৰ মূল শত্রু গণ্য কৰি সামৰিক প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰপতি জি জিনপিঙে পিপ’লছ লিবাৰেচন আমি (পিএলঅ’)ক নিজৰ ৰণনীতিক ক্ষমতা বৃদ্ধি কৰিবলৈ অলপতে নির্দেশ দিছিল। জিনপিঙৰ নেতৃত্বত চীনে দেশখনৰ সেনাবাহিনীক বিশ্বৰ ভিতৰতে সর্বশ্রেষ্ঠ ৰূপত গঢ়াৰ প্রস্তুতি চলাইছে।

জিনপিং চীনৰ সেনা আয়োগৰ অধ্যক্ষ আৰু এইটো হৈছে দেশখনৰ সর্বোচ্চ সামৰিক পদ। জিনপিঙে চীনৰ সাৰ্বভৌমত্ব অটুট ৰখাৰ লগতে সামৰিকভাবে দেশখনক অপ্রতিদ্বন্দ্বীৰ ৰূপত গঢ়িব বিচাৰিছে। এই লক্ষ্যৰে জিনপিঙে সামৰিক বাহিনীৰ বাবে পৰম্পৰাগত নীতিৰ পৰিৱৰ্তে নতুন নীতি প্রস্তুত কৰিব বিচাৰিছে। আধুনিক যুদ্ধৰ প্রযুক্তি কৌশল আহৰণৰ পৰা নতুন নতুন ৰণনীতি অৱলম্বনৰ বাবে চীনৰ সেনাবাহিনীক সৰ্বদিশৰ পৰা সাজু কৰিবলৈ ইতিমধ্যে জিনপিঙে নির্দেশ দিছে।

পিএলএক আধুনিক, শক্তিশালী আৰু সুসংগঠিত সামৰিক বাহিনী হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে একাধিক সামৰিক সংস্কাৰৰ ব্যৱস্থাও জিনপিং চৰকাৰে গ্ৰহণ কৰিছে। মূলতঃ আমেৰিকাৰ সেনাবাহিনীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা ক্ষমতাৰে জিনপিঙে পিএলএক সাজু কৰিব বিচাৰিছে।

টাইৱান, দক্ষিণ চীন সাগৰৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত চীনে আমেৰিকাৰ বাধাৰ সন্মুখীন হৈ আহিছে। আগন্তুক দিনত আমেৰিকাৰ এনে বাধাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ জিনপিঙে পিএলএক অধিক শক্তিশালী তথা সর্বশ্রেষ্ঠ সেনাবাহিনী হিচাপে গঢ়িব বিচাৰিছে।

Exit mobile version