Decomposed Body Of Sheikh Hasina’s Missing Party Leader Found In Meghalaya: মেঘালয়ত বাংলাদেশৰ আৱামী লীগৰ নেতাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ !

উমকিয়াঙৰ পাহাৰৰ এখন তামোলৰ বাগিচাত উদ্ধাৰ মৃতদেহটো ইছাক আলী খান পান্নাৰ

abami leq

Decomposed Body Of Sheikh Hasina’s Missing Party Leader Found In Meghalaya:

চুবুৰীয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত উদ্ভৱ হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে মেঘালয়ত উদ্ধাৰ হয় আৱামী লীগৰ এজন প্ৰভাৱশালী নেতাৰ অৰ্ধগলিত মৃতদেহ ৷ মৃত নেতাজন ইছাক আলী খান পান্না বুলি চিনাক্ত কৰা হৈছে ৷ উমকিয়াঙৰ পাহাৰৰ এখন তামোলৰ বাগিচাত উদ্ধাৰ হয় নেতা গৰাকীৰ মৃতদেহ ।

উল্লেখ্য যে তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ অতি ঘনিষ্ঠ আছিল ইছাক আলী খান পান্না ৷ তেওঁ দেশখনৰ ফিৰোজপুৰ জিলাৰ আৱামী লীগৰ শীৰ্ষ নেতা আছিল । আনহাতে মেঘালয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ সন্দৰ্ভত গুৱাহাটীস্থ বাংলাদেশ উপ -উচ্চায়ুক্ত কাৰ্যালয়ৰ স’তে যোগাযোগ কৰিছে ৷

উল্লেখ্য যে,আৱামী লীগ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা ভয়াৱহ ছাত্ৰ আন্দোলনৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি দেশৰ পৰা শ্বেখ হাছিনা পলায়ন কৰাৰ পিছতে প্ৰাণৰ মমতাত বহু আৱামী লীগৰ নেতা আত্মগোপন কৰিছিল ৷ সন্দেহ কৰা মতে ফিৰোজপুৰ জিলাৰ আৱামী লীগৰ ইছাক আলী খান পান্না নামৰ নেতাজনে দেশৰ পৰা পলায়ন কৰিছিল মেঘালয়ৰ উমকিয়াঙলৈ ৷

Exit mobile version