Home Guard Jawans protest at Last Gate in Dispur:
দিছপুৰ লাষ্টগেটত প্ৰতিবাদকাৰী গৃহৰক্ষী জোৱানৰ ওপৰত জপিয়াই পৰিল আৰক্ষী ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত গৃহৰক্ষী জোৱানে যোৱা চাৰিদিন ধৰি চচলত অব্যাহত ৰখা ধাৰাবাহিক আন্দোলনৰ অংশৰূপে শুকুৰবাৰে শতাধিক গৃহৰক্ষী জোৱানে দিছপুৰৰ এম এল এ হোষ্টেলৰ সমীপত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি থকা সময়তে আৰক্ষী উপস্থিত হৈ জপিয়াই পৰে খাকী পোছাকধাৰী গৃহৰক্ষী জোৱানৰ ওপৰত ।
কে’বাজনো প্ৰতিবাদকাৰী গৃহৰক্ষী জোৱানক আৰক্ষীয়ে চোচৰাই গাড়ীত তুলি লৈ যায় ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বহু প্ৰতিবাদকাৰীক।
উল্লেখ্য যে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ হোৱাৰ দিনৰে পৰা গৃহৰক্ষী জোৱানে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত চচলত চাৰিদিনীয়া ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।