Guwahati Police Seize 262 Grams of Heroin with Three Paddlar Aarrested: গুৱাহাটী আৰক্ষীৰ অভিযানত হেৰ’ইন সহ তিনিজনক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

drug

Guwahati Police Seize 262 Grams of Heroin with Three Paddlar Aarrested:

গুৱাহাটী আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে শণিবাৰে পুৱাভাগত যোৰাবাট আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি বশিষ্টত হে’ৰইন সহ তিনিজনক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

যোৰাবাট আৰক্ষীৰ এটা দলে এ এছ ২৫ জে ৩০৫৫ নম্বৰৰ এখন চাৰিচকীয়া বাহনত খনত তালাচী গোপন চেম্বাৰৰ পৰা ১৯টা চাবোনৰ কেচত থকা ২৬২ গ্ৰাম হেৰ’ইন জব্দ কৰে। লগতে আটক কৰে বাহন খনৰ চালক সোনাইৰ চুলতান আহমেদ লস্কৰ সহ আন দুজন সৰবৰাহকাৰীক ৷ ইতিমধ্যে আৰক্ষীয়ে জব্দকৃত বাহন সহ ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷

Exit mobile version