Majuli Aasu Pressmeet In Majuli:অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ সংৰক্ষিত অঞ্চলৰ পৰা কিয় বাদ পৰিল মাজুলী এই লৈ মাজুলীত তীব্র প্ৰতিক্ৰিয়া:আছুৰ সংবাদমেল

aasu88

Majuli Aasu Pressmeet In Majuli:

ADVERTISEMENT

অসম বিধানসভাত গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিধেয়ক- ২০২৪। এই সংশোধনীৰ জৰিয়তে অসমৰ ঐতিহাসিক প্রত্নতাত্ত্বিক স্থানসমূহৰ সমীপৱর্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে তুমি ক্রয় -বিক্রয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বৰপেটা আৰু বৰদোৱাত এই অইন গৃহীত হল।বাহিৰৰ বনিক গোষ্ঠীক এই দুটা স্থানত ভূমি ক্রয়- বিক্রয় কৰিব নোৱাৰিব কিন্তু মাজুলী এই আইনৰ আওতাৰ পৰা আঁতৰাই ৰখা হল। অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ সংৰক্ষিত অঞ্চলৰ পৰা কিয় বাদ পৰিল মাজুলী ,এই লৈ মাজুলীত তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে।

মাজুলী কাৰ চক্ৰান্তত এই আইনৰ পৰা বাদ পৰিল এই সম্পৰ্কত মাজুলী আছুৱে সংবাদমেল সম্বোধন কৰে। মাজুলী জিলা ছাত্র সন্থাই সংবাদমেলৰ যোগেদি মাজুলীকো এই আইনৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

Exit mobile version