Nishamani Bora enters India Book of Records:
অৱশেষত আৰু এটা ভাল খবৰৰে নিশামনি বৰাই ধনশিৰিবাসীক গৌৰৱান্বিত কৰিলে । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল নগাজুৰীৰ জীয়ৰী নিশামনি বৰা।
ADVERTISEMENT
উইণ্ড ছাৰ্ফিং টুৰ্নামন্টত সৰ্বাধিক সংখ্যক পদক বিজয়ী মহিলা হিচাপে অভিলেখ গঢ়াৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
নিশামনিয়ে ২০২৩-২৪বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈকে উইণ্ড ছাৰ্ফিংত ২টা সোণ আৰু এটা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। অসমৰ প্ৰথম গৰাকী মহিলা ছেইলৰ হিচাবে খ্যাত নিশামনি গোলাঘাট জিলাৰ সৰুপথাৰ নগাজুৰী দ-চুক গাঁৱৰ বিপুল বৰা আৰু ৰুণু বৰাৰ কন্যা।