NEMSU:১০ছেপ্টেম্বৰত দিল্লীত নেমছু’ৰ কোনো কাৰ্যসূচী নাই !

nemsu

NEMSU:

নেমছু’ৰ নতুন দিল্লীত ধৰ্ণা আছে বুলি কৈ গোসাঁইগাঁৱৰ চাপকাটা, কোকৰাঝাৰৰ চালাকটি আৰু তামুলপুৰৰ গোৰেশ্বৰত কিছুমান দুষ্টলোকে নেমছু’ৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত নেমছু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম, সাধাৰণ সম্পাদক(প্র) জিয়াউল হক, সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰে কয় যে অহা ১০ ছেপ্টেম্বৰত নতুন দিল্লী যন্ত্ৰৰ মন্তৰত নেমছু’ৰ কোনো কাৰ্যসূচী নাই।

নেমছু’ৰ দিল্লীত কাৰ্যসূচী আছে বুলি কৈ কোনোবা দুষ্টচক্ৰই ধন সংগ্ৰহ কৰিলে তেওঁলোকক থানাত গতাই দিব লাগে বুলি কয় সংগঠনটোৰ কেন্দ্রীয় নেতৃত্বই । অৱশ্যে এটা দুষ্টচক্ৰই নেমছু’ক বদনাম কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে আৰু এই চেষ্টা কেতিয়াও সফল দিয়া নহয় বুলি কয় বদৰুল ইছলামে।

এই দুষ্টচক্ৰই নেমছু’ৰ নামত কিবা কৰিলে তাৰবাবে নেমছু দায়ী নহয় বুলি কয় নেমছু’ৰ সভাপতি বদৰুল ইছলামে। ইফালে নেমছু’ৰ উপ-সভাপতি গোলাপ ৰাব্বানি,সহকাৰী সম্পাদক হাফিজুল ইছলাম,সহকাৰী সাংগঠনিক সম্পাদক বাহাৰুল ইছলাম, সামাজিক মাধ্যম বিভাগৰ এৰসদ আলীক নেমছু’ৰ পৰা বহিস্কাৰ কৰাৰ লগতে প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰা হয়।

Exit mobile version