Manipur One Day Human Chin:মণিপুৰত ড্ৰোন বোমা বিস্ফোৰণৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ মহিলাৰ

MANIPUR 1

Manipur One Day Human Chin:

চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ পৰিস্থিতি অশান্তময় হৈ পৰিছে ৷ চৰকাৰী প্ৰশাসন যন্ত্ৰৰ আওকণীয়া মনোভাৱৰ বাবে অৱনতি ঘটিছে আইন শৃংখলা। শেহতীয়াকৈ কুকি উগ্ৰপন্থীয়ে ড্ৰোন বোমা বিস্ফোৰণ ঘটাই এক অশান্তিময় পৰিস্থিতি সৃষ্টি কৰিছে৷ যাৰবাবে আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা ৷

শুকুৰবাৰে মণিপুৰত ধাৰাবাহিকভাবে কুকি উগ্ৰপন্থীৰে অব্যাহত ৰখা সন্ত্ৰাসময় পৰিস্থিতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মণিপুৰী মহিলা আৰু শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী । ৰাজ্যৰ ৰাজধানী চহৰ ইম্ফলৰ উৰখুল পথৰ হাউজিকি অইনা, লাংজিং আচুবা খুমবুং বজাৰ,ৱানাগাই লামখাই বজাৰ,থিনউংগেগি এদাচিং,চেকমাই কাকচিং বজাৰত কে’বা শতাধিক মহিলা ,অধিবক্তা আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পথৰ দুয়োকাষে থিয় হৈ এদিনীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ তেওঁলোকৰ দাবী বৰ্তমান উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যদি কেন্দ্ৰীয় বাহিনীয়ে কাম নকৰে তেন্তে তেওঁলোকে আঁতৰি যাব লাগে। একেদৰে ড্ৰোন বোমা বিস্ফোৰণ ব্যৱহাৰ কৰি পৰিস্থিতি আতংকময় কৰি তোলা কুকি উগ্ৰপন্থীক সন্ত্ৰাসবাদী গোট বুলি ঘোষণা কৰক চৰকাৰে।

তদুপৰি প্ৰতিবাদকাৰীয়ে আৰু কয় যে,মণিপুৰৰ জনসাধাৰণৰ প্ৰতি ভাৰত চৰকাৰৰ উদাসীনতাত তীব্ৰ বিৰোধিতা কৰাৰ লগতে চলি থকা সংকটত মণিপুৰ চৰকাৰৰ অসহযোগিতা কৰা কাৰ্যকো নিন্দা কৰে |

Exit mobile version