Rare green pit viper found in Boko Karkapara:
বকোৰ কৰকাপাৰাত দুষ্প্ৰাপ্য গ্ৰীণ পিট ভাইপাৰ উদ্ধাৰ। অতি বিষাক্ত সাপ ডাল গাঁওখনৰ বাসুদেৱ দাসৰ ৰান্ধনী ঘৰৰ বেৰৰ পৰা উদ্ধাৰ কৰে সৰ্পবন্ধু হিতেশ ৰাভাই।
ADVERTISEMENT
পৰিয়ালে বিষাক্ত সাপডাল প্ৰত্যক্ষ কৰি সৰ্পবন্ধু হিতেশ ৰাভাক অৱগত কৰে। সৰ্পবন্ধু গৰাকীৰ সৈতে সংগ দিয়ে বিকাশ বড়ো ,পাৰ্থ প্ৰতিম ভৰালীয়ে।
পৰিয়ালৰ ৰান্ধনী ঘৰৰ বেৰৰ পৰা বিষাক্ত সাপডাল উদ্ধাৰ কৰি ঘন জংঘলত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়ে। বৃহত্তৰ বকো অঞ্চলত প্ৰথমবাৰ অতি বিষাক্ত আৰু দুষ্প্ৰাপ্য গ্ৰীণ পিট ভাইপাৰ উদ্ধাৰ সৰ্প বন্ধু হিতেশ ৰাভাৰ।
বিগত ৯বছৰ ধৰি বিভিন্ন প্ৰজাতিৰ সাপ উদ্ধাৰ কৰি জনাঞ্চলৰ পৰা ঘন জংঘলত মুকলি কৰি আহিছে সৰ্প বন্ধু হিতেশ ৰাভাই।