Aaranyak 35th Foundation Day:গুৱাহাটীত আৰণ্যকৰ গৌৰৱোজ্জল ৩৫ তম প্ৰতিষ্ঠা দিৱস পালন

aranayak 5

Aaranyak 35th Foundation Day:

৯ ছেপ্টেম্বৰত উত্তৰ -পূৰ্বাঞ্চলৰ আগশাৰীৰ বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণ সম্পৰ্কীয় বেচৰকাৰী সংস্থা আৰণ্যকে ৩৫ টা বছৰৰ এটা গৌৰৱোজ্জল যাত্ৰা অতিবাহিত কৰি ৩৫ তম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। বেলতলাৰ ভবেন্দ্ৰালয়ত এখন উদ্বোধনী অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। উল্লেখনীয় যে, এই প্ৰতিষ্ঠা দিৱস উদযাপনে আৰণ্যকৰ বছৰজোৰা ৩৫ তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি কৰে ।

এই সভাখনত বহু কেইজন নিমন্ত্ৰিত অতিথি, বিশিষ্ট ব্যক্তি আৰু আৰণ্যকৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়ে সভাপতি ৰঞ্জন ভূঞাই। তেওঁ ভাষণত কয় যে এটা সংস্থা বা প্ৰতিষ্ঠান প্ৰতিষ্ঠিত কৰাতকৈও সেই সংস্থাটো সুকলমে ৩৫তা বছৰ আগবঢ়াই লৈ যোৱাটোহে শলাগ ল’ব লগীয়া।

অনুষ্ঠানটিৰ মূল উদ্দেশ্য আৰু আৰণ্যকৰ ৩৫ বছৰীয়া যাত্ৰাৰ বিৱৰণ দিয়ে সংস্থাটোৰ প্ৰতিষ্ঠাপক তথা সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰে। তেওঁ ভাষণত বন্যপ্ৰাণী সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ দিশ দাঙি সংৰক্ষণৰ ফলশ্ৰুতি কেৱল জীৱ-জন্তুৰ কল্যাণ সাধ্য কৰা নহয়, মানৱ কল্যাণৰ সাধনো হয়। ইয়াৰ লগে লগে আৰণ্যকৰ ৩৫ তা বছৰৰ যাত্ৰাক সাক্ষী কৰি এখন আলোকচিত্ৰৰে সমৃদ্ধ কিতাপৰ লগতে এখন ডকোমেণ্টৰীৰ উন্মোচন কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ উপ-সঞ্চালক অৰবিন্দ কুমাৰ চৌৰাছিয়া। তেওঁ বন্যপ্ৰাণী অপৰাধ আৰু চোৰাং বেপাৰক কেন্দ্ৰ কৰি তেওঁৰ বিভিন্ন অভিজ্ঞতাৰে সভাখনত উপস্থিত থকা সকলোকে সজাগ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ব্যক্ত কৰে যে এই অঞ্চলবোৰত বিভিন্ন সম্প্ৰদায়ে আগ ভাগ লৈ বৰ্তমান জীৱ তথা পৰিৱেশ সংৰক্ষণৰ বিভিন্ন ব্যৱস্থা হাতত লৈছে। এনে দিশত আৰণ্যকৰ সজাগতামূলক কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ লগত ওতঃপ্ৰোতভাৱে জঢ়িত হৈ কৰা কৰ্মৰাজীকো চৌৰাছিয়াই শলাগ লয়।

আন এগৰাকী বিশিষ্ট অতিথি তথা অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তনৰ  সচিব পি.এল. এন. ৰাজু উপস্থিত থাকে। তেওঁ বিজ্ঞান প্ৰযুক্তি আৰু সংৰক্ষণৰ ক্ষেত্ৰখনত চেটেলাইট তথ্য আৰু ভৌগোলিক তথ্য ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰায়। অনুষ্ঠানটিৰ বিশেষ আকৰ্ষণ আছিল ‘ জীৱনজোৰা সাধনা বঁটা ২০২৪ ‘, যি বঁটা লাভ কৰে বিশিষ্ট পৰিবেশবিদ ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে। বঁটা প্ৰদানৰ অন্তত তেওঁ চমুকৈ ভাষণ দিয়ে আৰু ভাষণৰ দ্বাৰা তেওঁ নতুন প্ৰজন্মক বাতৰি কাকত আৰু আলোচনীত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় গল্প, প্ৰবন্ধ, কবিতা লিখিবলৈ অনুৰোধ জনায়। এনেবোৰ মাধ্যমে স্থানীয় মানুহক সজাগ কৰোৱাত সহায় কৰে।

অনুষ্ঠানটিৰ শেষত আৰণ্যকৰ কৰ্মকৰ্তা উদয়ন বৰঠাকুৰে ৩৫তম প্ৰতিষ্ঠা দিৱসৰ গোটেই বছৰজোৰি অনুষ্ঠিত হ’ব লগীয়া অনাগত অনুষ্ঠান আৰু উদেশ্যৰ বিষয়ে চমুকৈ ব্যক্ত কৰে। তাৰেই আটাইতকৈ লেখত ল’ব লগীয়া উদেশ্যটো হৈছে সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সাধাৰণ মানুহৰ দ্বাৰা গঠিত কেইটামান সংস্থাক ‘ গ্ৰাছৰুত সংৰক্ষণ বঁটাৰে ‘ কৃতজ্ঞতা প্ৰদান কৰা, যিয়ে তেওঁলোকক প্ৰেৰণা যোগোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। অৱশেষত আৰণ্যকৰ আন এজন কৰ্মকৰ্তা পাৰ্থ জ্যোতি দাসে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ আনুষ্ঠানিক সমাপ্তিৰ ঘোষণা কৰে।

Exit mobile version