Onion prices have been hiked to Rs 70 per kg in Assam:বেপাৰীৰ দৌৰাত্ম্য: ৰাজ্যত পিঁয়াজৰ মূল্য কিলোগ্রামত ৭০ টকালৈ বৃদ্ধি

এমাহতে বাঢ়িল ন্যূনতম ৩০ টকাকৈ, পাইকাৰী বজাৰতে মূল্যৰ বৃহৎ তাৰতম্য , আগলৈ অব্যাহত থাকিব দাম বৃদ্ধিৰ প্ৰক্ৰিয়া নির্বিকাৰ যোগান বিভাগৰ ৰথী-মহাৰথী, গ্ৰাহকৰ মূৰত মাৰিছে ৰামটাঙোন

onion

Onion prices have been hiked to Rs 70 per kg in Assam:

পাইকাৰী ব্যৱসায়ীৰ দৌৰাত্ম্যৰ বাবেই ৰাজ্যত মাত্র দুসপ্তাহৰ ভিতৰতে অভাৱনীয়ভাবে বৃদ্ধি হৈছে পিঁয়াজৰ মূল্য। সম্প্রতি ৰাজাৰ বজাৰত প্ৰতি কিলোগ্রাম পিঁয়াজৰ মূলাই অতি সন্তর্পণে ৭০ টকাৰ সীমা স্পৰ্শ কৰিছে। অথচ মাত্র ১৫ দিন আগলৈ এই মূল্য সর্বাধিক ৫০ টকাতে

সীমাবদ্ধ আছিল। তাৰ এসপ্তাহ পূর্বে সেই মূল্য আছিল ৪২ টকা। এনেদৰে এমাহৰ ভিতৰতে প্রতি কিলোগ্রাম পিঁয়াজৰ খুচুৰা মূল্য অসমৰ বজাৰত কমেও ৩০ টকা বৃদ্ধি হয়। নিয়ন্ত্রণহীন বজাৰ ব্যৱস্থাৰ পৰিণতিত এনেদৰে আকাশলংঘী হৈ পৰিছে মূল্যৰ এই পৰিমাণ। পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে সামগ্ৰীবিধৰ ৰপ্তানিত দীর্ঘদিনৰ পৰা কিছু কঠোৰ নীতি- নির্দেশনা আৰোপ কৰি থৈছে।

ইয়াৰ ফলত বতৰৰ প্ৰভাৱত দেশত পিঁয়াজৰ স্বাভাৱিক উৎপাদনত প্ৰভাৱ পৰিলেও ইয়াৰ মূল্য এটা পর্যায়ত নিয়ন্ত্ৰণৰ ভিতৰত বিগত কে’বামাহ ধৰি আছিল; কিন্তু হঠাৎ যোৱা আগষ্টৰ প্ৰথম পষেকৰ পৰা দামৰ উর্ধ্বমুখী গতি আৰম্ভ হয়। অসমত ভূতৰ ওপৰত দানহ পৰাদি সেই ঊর্ধ্বমুখী গতিয়ে সম্প্ৰতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মূলতে হ’ল মধ্যভোগীৰ ওপৰত মধ্যভোগীৰ সৃষ্টি।

এই সন্দৰ্ভত নাম প্রকাশত অনিচ্ছুক গুৱাহাটী আৰু বৰপেটাৰোডৰ খুচুৰা বজাৰৰ দুজন ব্যৱসায়ীয়ে জনায় যে বহিঃৰাজ্যৰ পৰা পিঁয়াজ আমদানি কৰা বৃহৎ পাইকাৰী ব্যৱসায়ীসকলৰ পৰা আন একাংশ মধ্যম পৰ্যায়ৰ পাইকাৰী ব্যৱসায়ীয়ে পিঁয়াজ ক্রয় কৰে। তেওঁলোকৰ পৰাই সাধাৰণ খুচুৰা ব্যৱসায়ীসকলে পিঁয়াজ ক্ৰয় কৰিব লাগে। এনে একাধিক তৰপৰ পাইকাৰী ব্যৱসায়ীৰ তাণ্ডৱত খুচুৰা বজাৰত ৰাজ্যত পিঁয়াজৰ মূল্য দ্রুত গতিত উর্ধ্বমুখী হৈছে।

ব্যৱসায়ীদ্বয়ে জনায় যে অসমলৈ বর্তমান প্ৰধানকৈ নাচিকৰ পৰা পিঁয়াজৰ আমদানি চলি আছে। নাচিকৰ পৰা যিসকল বৃহৎ পাইকাৰী ব্যৱসায়ীয়ে পিঁয়াজ আমদানি কৰি আছে, তেওঁলোকৰ প্ৰতিষ্ঠানত প্রতি কুইণ্টল পিঁয়াজৰ মূল্য হ’ল ৫১০০ টকা। তেওঁলোকৰ পৰা আন একাংশ পাইকাৰী ব্যৱসায়ীয়ে পিঁয়াজ ক্রয় কৰাৰ পাছত তেওঁলোকে দাম বৃদ্ধি কৰিছে ছহেজাৰ টকালৈ। সেই পিঁয়াজ সাধাৰণ খুচুৰা ব্যৱসায়ীয়ে প্রতি কিলোগ্রামত বিক্ৰী কৰিছে সর্বাধিক ৭০ টকা দৰত।

পাইকাৰীতকৈ খুচুৰা মূল্য যথেষ্ট বেছি হোৱাৰ কাৰণ দর্শাই খুচুৰা ব্যৱসায়ীদ্বয়ে কয় যে প্রতিটো বেগতে যথেষ্ট পৰিমাণৰ নষ্ট হোৱা পিঁয়াজ ওলায়। বেয়া পিঁয়াজবোৰ আঁতৰোৱাৰ পাছত বিক্ৰীৰ বাবে উপযোগী পিঁয়াজ যথেষ্ট হ্রাস হয়। এনে ক্ষেত্রত লোকচান নভৰিবলৈকে পিঁয়াজৰ দৰে কম সময়ৰ ভিতৰত নষ্ট হোৱা সামগ্ৰীৰ খুচুৰা মূল্য স্বাভাৱিকতে বেছি হয় বুলি ব্যৱসায়ীদ্বয়ে দাবী কৰে।

এই প্ৰসংগতে পাইকাৰী ব্যৱসায়ী সূত্রই জনায় যে আগন্তুক আৰু কিছুদিনলৈ পিঁয়াজৰ মূল্যৰ উর্ধ্বমুখী গতি অব্যাহত থাকিব। গতিকে উপভোক্তা ৰাইজে পিঁয়াজৰ নামত আৰু অধিক ধন ভৰিবলৈ সাজু থাকিব লাগিব বুলি পাইকাৰী ব্যৱসায়ীজনে কয়।

Exit mobile version