Ayushman Bharat Insurance Scheme Now Covers Those Above 70′:‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত ৭০ৰো ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

উপকৃত হ'ব ৪.৫ কোটি পৰিয়াল

pib

Ayushman Bharat Insurance Scheme Now Covers Those Above 70 Senior Citizens Of Older Age :

‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ (এবি পিএম-জেএৱাই)ৰ অধীনত ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত লোৱা হয় উল্লিখিত প্ৰস্তাৱৰ অনুমোদন

উল্লেখ্য যে ‘:‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত সংশ্লিষ্ট পৰিয়াল ভিত্তিত ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমাৰ জৰিয়তে উপকৃত হ’ব ছয কোটি জ্যেষ্ঠ নাগৰিক সহ প্ৰায় ৪.৫ কোটি পৰিয়াল।

এই অনুমোদনক্ৰমে ৭০ বছৰ বা ততোধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকেই তেওঁলোকৰ আৰ্থ-সামাজিক স্থিতি নিৰ্বিশেষে ‘এবি পিএম-জেএওৱাই’-ৰ লাভ প্ৰাপ্ত কৰিবলৈ যোগ্য হ’ব। যোগ্য জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘এবি পিএম-জেএওৱাই’-ৰ অধীনত এখন নতুন পৃথক কাৰ্ড জাৰী কৰা হ’ব।

‘এবি পিএম-জেএওৱাই’-ৰ অধীনত ইতিমধ্যে সামৰি লোৱা পৰিয়ালৰ ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলে নিজৰ বাবে প্ৰতি বছৰে ৫ লাখ টকালৈকে অতিৰিক্ত ‘টপ-আপ কভাৰেজ’ লাভ কৰিব (যিটো তেওঁলোকে ৭০ বছৰৰ কম বয়সৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ভাগ বাটোৱাৰা কৰিব নালাগিব।

৭০ বছৰ বা ততোধিক বয়সৰ আন সকলো জ্যেষ্ঠ নাগৰিকে পাৰিয়াল ভিত্তিত প্ৰতি বছৰে ৫ লাখ টকালৈকে স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব। একেদৰে ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিক যি ইতিমধ্যে অন্যান্য ৰাজহুৱা স্বাস্থ্য বীমা আঁচনি যেনে ‘কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি’ (চিজিএইচএছ), ‘প্ৰাক্তন সৈনিক অৱদানকাৰী স্বাস্থ্য আঁচনি’ (ইচিএইচএছ), ‘আয়ুষ্মান কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী’ (চিএপিএফ)ৰ সুবিধা লাভ কৰি আছে তেওঁলোকে হয় তেওঁলোকৰ বিদ্যমান আঁচনি বাছনি কৰিব পাৰিব বা ‘এবি পিএমজেএওৱাই’ বাছনি কৰিব পাৰিব।

লগতে এইটোও স্পষ্ট কৰা হৈছে যে ‘ব্যক্তিগত খণ্ডৰ স্বাস্থ্য বীমা আঁচনি’ বা ‘কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি’-ৰ অধীনত থকা ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকল ‘এবি পিএম-জেএওৱাই’ৰ অধীনতো লাভ প্ৰাপ্ত কৰিবলৈ যোগ্য হ’ব।

উল্লেখ্য যে ‘এবি পিএমজেএওৱাই’ হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা ভাৱে পুঁজি যোগান ধৰা স্বাস্থ্য নিশ্চয়তা আঁচনি ,যি ১২.৩৪ কোটি পৰিয়ালৰ সৈতে সম্পৰ্কিত ৫৫ কোটি ব্যক্তিক ‘মাধ্যমিক’ আৰু ‘তৃতীয় পৰ্যায়’ৰ সেৱাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে প্ৰতি বছৰে প্ৰতি পৰিয়ালৰ বাবে ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰে।

বয়স নিৰ্বিশেষে যোগ্য পৰিয়ালৰ সকলো সদস্য আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ’ব। আঁচনিখনে ৪৯ শতাংশ মহিলা হিতাধিকাৰীকে ধৰি ৭.৩৭ কোটি চিকিৎসালয়ত ভৰ্তি হোৱা লোকক সামৰি লৈছে। আঁচনিখনৰ অধীনত জনসাধাৰণে ১ লাখ কোটি টকাৰো অধিক লাভাম্বিত হৈছে।

স্মতৰ্ৱ্য যে,ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে স্বাস্থ্য বীমাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল।

উল্লেখযোগ্য আৰম্ভণিতে ভাৰতৰ জনসংখ্যাৰ ৪০ শতাংশৰ অন্তৰ্ভুক্ত ১০.৭৪ কোটি দৰিদ্ৰ আৰু দুৰ্বল পৰিয়ালক আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছিল। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ২০২২ ৰ জানুৱাৰী মাহত ‘এবি পিএম-জেএওৱাই’ৰ অধীনত হিতাধিকাৰীৰ ২০১১ৰ জনসংখ্যাতকৈ ভাৰতৰ ‘দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰ’ ১১.৭% বুলি বিবেচনা কৰি ১০.৭৪ কোটিৰ পৰা ১২ কোটি পৰিয়াললৈ সম্প্ৰসাৰণ কৰে।

আনহাতে,বিনামূলীয়া স্বাস্থ্যসেৱা সুবিধাৰ বাবে সমগ্ৰ দেশত কাম কৰা ৩৭ লাখ আশা,এডব্লিউডব্লিউ,এডব্লিউএইচ সামৰি লবলৈও আঁচনিখন অধিক সম্প্ৰসাৰিত কৰা হৈছিল। এই অভিযানক আগুৱাই লৈ, ‘এবি পিএম-জেএওৱাই’-য়ে এতিয়া সমগ্ৰ দেশত ৭০ বছৰ বা ততোধিক বয়সৰ সকলো নাগৰিকক ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিব।

Exit mobile version