Heated situation in Sonapur over the eviction:উচ্ছেদক লৈ সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি

উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী গুলীচালনা, নিহত হয় দুই বেদখলকাৰী,নিহত বেদখলকাৰী দুজন হাইদৰ আলী,জুৱাহিদ আলী, আহত আন কে'বাজনকো প্ৰেৰণ জিএমচিএইছলৈ, বেদখলকাৰীৰ আক্ৰমণত আহত আৰক্ষী সহ সোণাপুৰ ৰাজহ চক্ৰ বিষয়া, ঘটনাস্থলীলৈ অতিৰিক্ত আৰক্ষী বাহনী নিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

kachutali firing

Heated situation in Sonapur over the eviction:

কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত দলবদ্ধ আক্ৰমণ বেদখলকাৰীৰ ৷ আৰক্ষীৰ গাড়ীলৈ শিলাবৰ্ষণ কৰে বেদখলকাৰীয়ে । আনকি একাংশ বেদখলকাৰীয়ে হাতে-হাতে দা-লাঠী-জোং লৈ যুদ্ধংদেহি মনোভাৱেৰে চোচা লয় আৰক্ষীলৈ।

যাৰবাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে শূন্যলৈ কে’বাজাই গুলীচালনা কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত বেদখলকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ নিহত হয় দুই বেদখলকাৰী ৷নিহত বেদখলকাৰী দুজনৰ নাম হাইদৰ আলী,জুৱাহিদ আলী৷আনহাতে আহত আন কে’বাজনকো প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত বেদখলকাৰী সাতজনক সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে\বেদখলকাৰীৰ আক্ৰমণ আহত হয় সোণাপুৰ ৰাজহ চক্ৰ বিষয়া সহ তিনি আৰক্ষী জোৱান ৷ আহত হয় এগৰাকী মহিলা আৰক্ষীও। আহত আৰক্ষী সকল হ’ল দীপক গগৈ,মানৱজ্যোতি চুতীয়া,অমৰজ্যোতি বৰুৱা ৷ পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে কে’বা শতাধিক বেদখলকাৰীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী জোৱানসকল।

উল্লেখ্য যে কচুতলিৰ ট্ৰাইবেল ব্লেটৰ কে’বা হেক্টৰ ভূমি অবৈধ বেদখলকাৰীৰে অবৈধভাৱে দখল কৰি বাসগৃহ বনাই বসবাস কৰি থকা সন্দৰ্ভত সোণাপুৰৰ বহুকেইটা খিলঞ্জীয়া দল- সংগঠন গৰজি উঠিছিল। শীৰ্ঘেই ট্ৰাইবেল ব্লেটৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে দাবী জনাইছিল জনজাতি সংগঠন সমূহে ৷ স্মাৰকপত্ৰ পত্ৰ দিছিল মুখ্যমন্ত্ৰীক ৷

অৱশেষত জনজাতি দল- সংগঠনৰ দাবীৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বেদখলমুক্ত কৰিবলৈ কামৰূপ মহানগৰ প্ৰশাসনৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিছতে যোৱা চাৰিদিন ধৰি কচুতলিত শান্তিপূৰ্ণভাৱে উচ্ছেদ অব্যাহত আছিল যদিও বৃহস্পতিবাৰে হঠাৎ উগ্ৰমুৰ্তি ৰূপ ধাৰণ কৰে বেদখলকাৰীয়ে ।

হাতত লাঠি,জোং,দা লৈ খেদি আহে আৰক্ষীক ৷ উদ্থাপিত অভিযোগ অনুসৰি বাহিৰৰ পৰা অহা লোকৰ উচতনিতে সংঘটিত হয় এই ঘটনা ৷ উল্লেখ্য যে কচুতলিৰ জনজাতি বেষ্টনীৰ ১০০ বিঘা মাটিত প্ৰায় ডেৰ শতাধিক লোক বসবাস কৰি আছে।

শেহতীয়া খবৰ অনুসৰি বেদখলকাৰীয়ে আৰক্ষী – প্ৰশাসনৰ লোককক আক্ৰমণ কৰাৰ ঘটনাৰ বিষয়ে অৱগত হৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী- অৰ্ধ সামৰিক বাহিনী  ঘটনাস্থলীলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে ডিজিপিক

Exit mobile version