JUA:
আই আই টি গুৱাহাটীৰ চৌহদত সাংবাদিকৰ প্ৰৱেশত বাধা দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে জানেলিষ্ট ইউনিয়ন অৱ আসামে।
ADVERTISEMENT
আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তত তীব্ৰ গৰিহণা দি জানেলিষ্ট ইউনিয়ন অৱ আসামৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে এক বিবৃতিত কয় যে এই কাৰ্যৰ দ্বাৰা সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছে। যিকোনো কাৰণতে আই আই টি গুৱাহাটী কৰ্তৃপক্ষৰ এনে সিদ্ধান্ত মানি লব নোৱাৰি।
জানেলিষ্ট ইউনিয়ন অৱ আসামে এই অবাঞ্চিত নিষেধাজ্ঞা অনতিপলমে প্ৰত্যাহাৰ কৰিবলৈ আই আই টি গুৱাহাটী কৰ্তৃপক্ষক আহ্বান জনায়।