Sankor Jyoti Baruah resigns From Aasu Gen Secy: আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ ফেচবুকযোগে এই ঘোষণা কৰে শংকৰজ্যোতিৰ

sankarjyoti 1

Sankor Jyoti Baruah resigns From Aasu Gen Secy:

অৱশেষত আজি আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই ৷ ফেচবুকযোগে এই কথা সদৰি কৰে সাধাৰণ সম্পাদক গৰাকীয়ে । তেওঁৰ ফেচবুক পোষ্টটোত কয় ‘নমস্কাৰ ৷ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্য সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম ৷ আজিৰ এই মূহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম ৷ ধন্যবাদ৷ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ। জয় আই অসম।’

উল্লেখ্য যে,গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে প্ৰেম-প্ৰতাৰণাজনিত বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ ইয়াৰ পাছতে এই বিষয়ক লৈ ব্যাপক চৰ্চা লাভ কৰিছিল ৷

অৱশ্যে পিছত মুখ খুলে শংকৰজ্যোতি বৰুৱাই ৷এই সন্দৰ্ভত বৰুৱাই কয়,শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত আমাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্যাসত্যতা ন্যায়ালয়ত প্ৰমাণিত হ’ব’। আচলতে সকলো মানুহে প্ৰেম কৰে, প্ৰেম ভালকৈ চলি থকাৰ সময়ত যিখিনি কথা-বতৰা হয় সেই গোটেইখিনি কথা মই স্বীকাৰ কৰিছোঁ। পৰৱৰ্তী সময়ত যিখিনি কথা-বতৰা আহিছে, প্ৰেমত সংঘাত আহিব পাৰে, প্ৰেম বিশ্বাসৰ ওপৰত চলে। প্ৰেমৰ মধুৰ সম্পৰ্ক প্ৰেম কৰা মানুহে জানে। মই গোটেইখিনি কথা কৈ থাকিব বিচৰা নাই। আদালতৰ মজিয়াত মোৰ ক’বলগা কথাবোৰ ক’ম।’

আনহাতে সাধাৰণ সম্পাদক গৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পাছতে আছুৰ দুই শীৰ্ষ নেতা মুখ্য উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে শংকৰজ্যোতি কেন্দ্ৰীক বিষয়টোক লৈ আছুৱে গম্ভীৰভাৱে লৈছে ইতিপূৰ্বে তেওঁৰ স’তে আলোচনা কৰা হৈছে ৷ আমাৰ পৰামৰ্শ তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লওক ।

মনকৰিবলগীয়া যে,আছুৰ দুই শীৰ্ষ নেতাই শংকৰজ্যোতিক পদৰ পৰা অব্যাহতি ল’বলৈ আহ্বান জনোৱাৰ পাছতে গৰজি উঠে উজনিৰ আঠ জিলাৰ আছুৰ নেতৃবৰ্গ ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত ৭ খন জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱাৰ কথা ৷ কিন্ত সভাৰ প্ৰাকমুহূৰ্ততে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লয় শংকৰ জ্যোতি বৰুৱাই । এনেক্ষেত্ৰত আঠ জিলাৰ আছু নেতৃত্বৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version