APSC recruitment scam:ন্যায়িক আয়োগে চিনাক্ত কৰা সত্ত্বেও পুনৰ নাম বাদ পৰিল ১৪ জনৰ

এপিএছচিৰ নিযুক্তি কেলেংকাৰিত ২৩ জন অভিযুক্তৰ বিৰুদ্ধে ১৫৬ পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামা দাখিল এছআইটিৰ

apsc

APSC recruitment scam:

অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৩ আৰু ২০১৪ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত প্রার্থী বাছনি কেলেংকাৰিত অভিযুক্ত ২৩ জনৰ বিৰুদ্ধে বৃহস্পতিবাৰে দাখিল কৰা হয় পৰিপূৰক অভিযোগনামা

ডিব্ৰুগড় আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰটোৰ তদন্তৰ অংশ হিচাপে বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ বিশেষ আদালতত ২৩ জনৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামাখন দাখিল কৰে।

ইয়াৰে চাৰিজন হ’ল প্রশাসনিক সেৱাৰ বিষয়া, ১০ জন হ’ল আৰক্ষী সেৱাৰ বিষয়া আৰু বাকী কেইজন হ’ল সহযোগী সেৱাৰ বিষয়া। লক্ষ্যণীয়ভাৱে আজিৰ অভিযোগনামাতো নাম অন্তর্ভুক্ত নহ’ল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ দ্বাৰা গঠিত ন্যায়িক আয়োগে চিনাক্ত কৰা ১৪ জন প্রশাসনীয়, আৰক্ষী আৰু সহযোগী সেৱাৰ বিষয়াৰ নাম।

পৰিপূৰক অভিযোগনামাত নাম অন্তর্ভুক্তসকল হ’ল- আকাশী দুৱৰা, ধীৰাজ কুমাৰ জৈন, হিতেশ মজুমদাৰ, ধ্রুবজ্যোতি হাতীবৰুৱা, দীপাংকৰ দত্ত লহকৰ, কুলপ্রদীপ ভট্টাচার্য, নিৰঞ্জন গগৈ, নিতুল মণি দাস, কমিৰ টিমুংটি, পুষ্কল গগৈ, ফাৰুক আহমেদ, কল্যাণ কুমাৰ দাস, নন্দিনী কাকতি, অনল জ্যোতি দাস, বৰকিৰি টেৰাং, চক্ৰধৰ গগৈ, বিকাশ শৰ্মা, গীতার্থ বৰুৱা, বিচিত্র গোপাল নাথ, মৃদুল হাজৰিকা, প্রিয়ংকা ডেকা, জয়ন্ত দলে আৰু সৌৰভ প্রাণ শর্মা।

ইপিনে, জালিয়াতিৰ আশ্রয় লোৱা বুলি ন্যায়িক আয়োগে চিনাক্ত কৰা সত্ত্বেও নাম অন্তর্ভুক্ত নোহোৱা সকল হ’ল নৱনীতা শর্মা, নন্দিতা হাজৰিকা, অসীমা কলিতা, ত্রিদিপ ৰয়, অমৃতৰাজ চৌধুৰী, জগদীশ ব্রহ্মা, বিক্রম আদিত্য বৰা, ঋতুৰাজ দলে, স্বৰূপ কুমাৰ ভট্টাচাৰ্য, ভনিতা নাথ, গণপতি ৰয়, বেদাংগ ভূষণ শইকীয়া, মানস জ্যোতি দাস আৰু মানবী দাস।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দাখিল কৰা অভিযোগনামাখন অসম্পূর্ণ বুলি আদালতে অসন্তুষ্টি ব্যক্ত কৰি যথেষ্ট আঁসোৱাহ থকা বুলিও কৈছিল । ইয়াৰ বাবে তদানীন্তন তদন্তকাৰী বিষয়া প্রতীক থুবেৰ ভূমিকাত অসন্তুষ্ট দায়িত্বৰ পৰা আঁতৰোৱাৰো পৰামৰ্শ দিছিল। তেতিয়া চৰকাৰে থুবেৰ স্থানত তদন্তৰ দায়িত্ব অর্পণ কৰিছিল উপেন কলিতাক।

সেই অনুসৰি বৃহস্পতিবাৰে কলিতাই ১৫৬ পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামাখন দাখিল কৰে; কিন্তু এইখন অভিযোগনামাত নাম অন্তর্ভুক্ত নহ’ল ১৪ জন বিষয়াৰ। চর্চা হোৱা অনুসৰি, নাম বাদ পৰা সকল বিভিন্ন ধৰণে ভিন ভিন ক্ষেত্ৰৰ প্ৰভাৱশালী চক্ৰৰ প্ৰত্যক্ষ অথবা পৰোক্ষভারে সম্পর্কিত। ইয়াৰ ফলতে পুনৰবাৰ সেইসকলক সুৰক্ষিত কৰাৰ তৎপৰতা আকৌ এবাৰ প্রমাণিত হ’ল।

Exit mobile version