Nemsu Pressrelease:চৰকাৰ-প্ৰশাসনে মুছলমানক নিৰ্যাতন চলাইছে-নেমছু

সোণাপুৰত মুছলমান সকলক বাচি বাচি উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে, ট্ৰাইবেল লোকৰ বাদেও বহুলোকে এতিয়াও বেদখল কৰি আছে বেল্টৰ মাটি

kachutali firing

Nemsu Pressrelease:

সোণাপুৰত অকল মুছলমান সম্প্ৰদায়ৰ লোক সকলে বসবাস কৰি থকা নাই । মুছলমান,ট্ৰাইবেল লোকসকলৰ বাদেও অন্যান্য জাতিৰ লোক সকলেও সোণাপুৰ ট্ৰাইবেল বেল্ট অঞ্চলত বসবাস কৰি আছে। চাহু উপাধিৰ লোকে বহু মাটি দখলৰ লগতে চিমেণ্ট ফেক্টৰী আৰু ইটা ভাটাবোৰ কেতিয়া বন্ধ হব মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেটত অকল মিঞা,মিঞা আৰু মিঞা। তাৰ আঁৰত সাম্প্ৰদায়িক ৰাজনীতি লুকাই আছে বুলি ধাৰণা কৰিছোঁ। যুগ যুগ ধৰি সাতমপুৰুষীয়া ভাতৃত্ত্ববোধ বজাই ৰাখি বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হৈ ধৰ্মীয় সংখ্যালঘু সকলে শান্তিৰে বসবাস কৰি আহিছে।

কিন্তু হিমন্ত বিশ্ব শৰ্মা পুনৰ ৰাজগাদী দখল কৰিবলৈ এতিয়া টাৰ্গেট কৰি লৈছে মিঞা মুছলমান লোক সকলক। আচলতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অংকৰ বলি হৈছে ধৰ্মীয় সংখ্যালঘু লোক সকল। মুখ্যমন্ত্ৰী এতিয়া উঠোতে বহুতে মিঞা, শুবলৈ যাওঁতে, খাবলৈ যাওঁতে মিটিঙলৈ যাওঁতে আৰু বিধান সভাৰ অধিবেশলৈ যাওঁতে অকল মিঞাক দেখা পায়। চকু মুদিলেও মিঞা চকু মেলিলেও মিঞা। মুঠতে মিঞাক অত্যাচাৰ কৰিলে পুনৰ ২০২৬ চনত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিব বুলি ধাৰণা কৰি লৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-এনেধৰণৰ এটা পৰিকল্পনা যুগুতাই ভূল। শেহতীয়া লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ কথাত সংখ্যালঘু সকলে বিজেপিক ভোট দিছিল। এতিয়া বিজেপিৰ ভোট দিয়াৰ ফল ভুগি আছে সংখ্যালঘু সকলে। কোনোধৰণৰ জাননী নিদিয়াকৈ ক্ষমতাৰ বলত সোণাপুৰত সাম্প্ৰদায়িক ভাৱে উচ্ছেদ কৰি আছে চৰকাৰ-প্ৰশাসনে। নিচেই কাষৰ পৰা গুলিয়াই মানুহ মাৰি আছে আৰক্ষীয়ে। মিঞাৰ ঘৰ দুৱাৰ ভাঙি, খেতি-বাতি নষ্ট কৰি মিঞাক আর্থিকভাৱে, ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে দুৰ্বল কৰাই হৈছে অসমৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৱিত্ৰ লক্ষ্য আৰু উদ্দেশ্য।

দুদিন শান্তিপূৰ্ণ উচ্ছেদ হোৱাৰ পিছত যোৱা বৃহস্পতিবাৰে তাতে বসবাস কৰা লোকসকলে আৰক্ষীক কৰা অত্যাচাৰো বে-আইনী, গৰিহণাৰ যোগ্য। এইবোৰ ৰাইজে কৰিব নালাগিছিল। উচ্ছেদিত ৰাইজে কোৱামতে আৰক্ষীয়ে তেওঁলোকে খাবলৈ লোৱা ভাতৰ কাঁহী লাথ মাৰি । উচ্ছেদ কৰিব বুলি তেওঁলোকে নিজে নিজৰ বয়-বস্তুবোৰ কাষৰ ম্যাদী মাটিত থৈ দিয়াত লাথ মাৰি মাৰি পেলাই দিয়ে আৰু মাৰপিট কৰাৰ ফলত পুলিচ আৰু ৰাইজৰ মাজত সংঘাত হয়।তাৰপিছত এই ঘটনাৰ সুযোগ লয় স্থানীয় কিছুমান সাম্প্ৰদায়িক আৰু ৰাজনৈতিক দলৰ নেতা আৰু সাম্প্ৰদায়িক এজেন্টে। চৰকাৰে অসমত মুছলমান সকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবলৈ নেমছুই দাবী জনাইছোঁ।

তাৰোপৰি অসম আৰক্ষীৰ গুলিত সোণাপুৰত যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালক ১ কোটি টকাৰ আৰ্থিক সহায়ৰ লগতে উচ্ছেদিতক পুনঃসংস্হাপনৰ ব্যৱস্থা কৰিব লাগে। এজন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে এটা জাতিক টাৰ্গেট কৰি এনেকুৱা অমানৱীয়ভাৱে উচ্ছেদ কৰাটো বৰ দুৰ্ভাগ্যজনক আখ্যা দিওঁ। বৰ্তমান মানৱ অধিকাৰ আয়োগ আৰু শিশু সুৰক্ষা বিভাগো   ৰাজনীতিৰ দ্বাৰা পৰিচালনা হৈ আছে-ই এক কঠিন প্ৰশ্ন । ইফালে যোৱা নিশা উচ্ছেদিতৰ লোকৰ পৰা গুণ্ডাগিৰী কৰি হাঁহ,কুকুৰা, ছাগলী ইত্যাদি চুৰি-ডকাইতি কৰাটো বৰ লজ্জাজনক কথা। সেইবাবেই কি উচ্ছেদিত লোকৰ কাষলৈ যাবলৈ দিয়া হোৱা নাই নেকি-এই প্ৰশ্ন নেমছু‘ৰ সভাপতি বদৰুল ইছলামৰ ।

Exit mobile version