One Nation One Election :
দেশত শীৰ্ঘেই আৰম্ভ হ’ব এক দেশ, এক নিৰ্বাচন ৷ সকলো জল্পনা -কল্পনাৰ অন্ত পেলাই বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘এক দেশ, এক নিৰ্বাচন’ শীৰ্ষক প্ৰস্তাৱক অনুমোদন জনায় ।
উল্লেখ্য যে,প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হৈছিল এখন কমিটী ৷ এই সম্বন্ধীয় বহু প্ৰতিক্ষিত প্ৰতিবেদন ৰামনাথ কোবিন্দ কমিটিয়ে ১৪ মাৰ্চত ১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছিল দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মূমুক ৷
ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদনক আজি অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে ৷ সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত বিধেয়ক দাখিল কৰিব চৰকাৰে ৷ আনহাতে কেবিনেটৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে সদৰি কৰে যে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত বহু প্ৰতিক্ষিত‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱ সদনত উদ্থাপন কৰা হ’ব ৷ আৰু কোনো সন্দেহ নাই যে এই প্ৰস্তাৱ সদনে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিব ৷