PM Trudeau’s Liberal candidate loses by-election in Canada:ভাৰত বিৰোধী ট্রুডুৰ বিপদ, উপ- নিৰ্বাচনত লিবাৰেল প্ৰাৰ্থীৰ পৰাজয়

justin tudu

PM Trudeau’s Liberal candidate loses by-election in Canada:

কানাডাত অনুষ্ঠিত সংসদীয় উপ-নির্বাচনত দেশখনৰ শাসকীয় লিবাৰেল পাৰ্টিৰ প্রার্থী পৰাজিত হ’ল। মন্ট্রিয়েল সমষ্টিত অনুষ্ঠিত উপ-নির্বাচনত পৰাস্ত হ’ল লিবাৰেল প্রার্থী। উল্লেখ্য যে ইমানদিনে এই সমষ্টি লিবাৰেল পার্টিৰ এক সুৰক্ষিত দুর্গ হিচাপে পৰিচিত।

সমষ্টিটোত লিবাৰেল পাৰ্টিৰ পৰাজয়ৰ পাছত প্রধানমন্ত্রী জাষ্টিন টুডুৰ বাবে বিপদ বৃদ্ধি পালে। নিৰ্বাচনৰ ফলাফলৰ পাছত স্বয়ং লিবাৰেল পার্টিত টুডু বিৰোধী ঢৌ আৰম্ভ হৈছে। ইফালে, ব্যাপক মূল্যবৃদ্ধিয়ে কানাডাবাসীক হাৰাশাস্তি কৰিছে।

মূল্যবৃদ্ধিৰ লগতে শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ কাৰণত টুডু চৰকাৰৰ প্রতি দেশবাসীৰ ক্ষোভ বৃদ্ধি পাইছে। ২০২৫ৰ অন্তিম ভাগত কানাডাত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব আৰু এই নির্বাচনত টুডুৱে নিজৰ নেতৃত্বত প্রতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। কিন্তু লিবাৰেল পাৰ্টিৰ একাধিক জ্যেষ্ঠ নেতাই দলৰ শীর্ষ নেতৃত্বৰ পৰিৱৰ্তন দাবী কৰিছে।

উপ-নির্বাচনত মন্ট্রিয়েল সমষ্টিত দলৰ প্ৰাৰ্থীৰ পৰাজয়ৰ পাছত লিবাৰেল পার্টিত নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী অধিক সবল হৈছে।

Exit mobile version