81st birthday celebration of veteran artist Jayanta Hazarika: বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিৱস উদযাপন

গছ পুলি ৰোপণৰ সেউজ কাৰ্যসূচী

jyanta hazarika

81st birthday celebration of veteran artist Jayanta Hazarika:

প্ৰয়াত বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সুৰ বাহিনীয়ে শুক্ৰবাৰে গুৱাহাটীৰ চানমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত আয়োজন কৰে বিশেষ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান

ADVERTISEMENT

তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত জয়ন্ত হাজৰিকাৰ পৰিয়ালৰ হৈ বন্তি প্ৰজ্বলনত সহযোগ কৰে জয়ন্ত হাজৰিকাৰ সহধৰ্ম্মিণী মনীষা হাজৰিকা, পুত্ৰ ময়ুখ হাজৰিকা, মঞ্জুলা হাজৰিকা, সূৰ্য্য হাজৰিকাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে।

ভিন্ন দিশৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গীত-মাতৰ আকৰ্ষণীয় সমাহাৰেৰে উদযাপিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জয়ন্ত হাজৰিকাৰ সহধৰ্ম্মিণী মনীষা হাজৰিকাই ভিন্নসুৰী কাৰ্যসূচীৰে সকলোকে আপ্লুত কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে বিভিন্ন মনোৰম আৰু গঠনমূলক কাৰ্যসূচী ৰূপায়ণ হয় একেটা অনুষ্ঠানত। সৰ্বত্ৰে সেউজ বিপ্লৱ গঢ়াৰ উদ্দেশ্যৰে প্ৰতিবাৰৰ দৰে এইবেলিও জয়ন্ত হাজৰিকা উদ্যানত উত্তৰ-পূবৰ আগশাৰীৰ সমাজিক-সাংস্কৃতিক অনুষ্ঠান নেবকছৰ উদ্যোগত এম মা প্ৰডাকচনে গছ পুলি ৰোপণৰ কাৰ্যসূচী সমাপন কৰে।

নেবকছৰ সভাপতি গগণাষ্টম গগৈৰ তত্ত্বাৱধানত আৰু এম মা প্ৰডাকচনৰ মনোজ কুমাৰৰ সহযোগত আয়োজিত গছ পুলি ৰোপণত অংশ লয় জনসংযোগ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰয়, জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, সাংস্কৃতিককৰ্মী গোপাল জালানকে প্ৰমূখ্য কৰি কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে। সুৰ বাহিনীৰ এনে মহান প্ৰচেষ্টাক উপস্থিত সকলোৱে শলাগ লয়।

Exit mobile version