Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

sutia dharna scaled

Golaghat Dist. Sutia Student Union Protest:

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই

প্ৰায় দুই শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হুছিয়াৰ , বিজেপি চৰকাৰ গ’বেক, নৰেন্দ্ৰ মোদী গ’বেক,হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ,হিমন্ত বিশ্ব শৰ্মা গ’বেক, NO ST NO REST, আমাক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবই লাগিব, আমাক স্বায়ত্ব শাসন লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ,এই জুই জ্বলিছে, জ্বলিবই আমাৰ সংগ্ৰাম চলিছে, চলিবই,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানে পৰিৱেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চুতীয়া জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে,সেয়া লাগিলে নৰেন্দ্ৰ মোদীয়ে হওঁক বা হিমন্ত বিশ্ব শৰ্মাই হওঁক। জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ফল বিজেপি চৰকাৰে ভোগ কৰিব । চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চুড়ান্ত প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন নিৰ্বাচনি সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে শাসনৰ গাদিলে আহিলে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । শাসনৰ গাদি পায় এই বিষয়টোত পাভলুটি মাৰিলে বুলি কয়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা ৰাজনীতি বন্ধ কৰি আগন্তুক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে সন্থা যিকোনো পৰ্যায়লৈ যাবলৈ বাধ্য হ’ব। তেতিয়া যিকোনো অনাকাংশিত পৰিৱেশ -পৰিস্থিতি সৃষ্টি হ’লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি সকীয়নি দিয়ে।

চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নোহোৱাতো নেতা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে । লগতে তেখেতে কয় যে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ,সৌন্দৰ্যবৰ্ধনৰ বাবে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আলোচনাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তক ঐতিহাসিক স্থান সমূহ পৰিদৰ্শন কৰি সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব প্ৰদান কৰিছিল।

আলোচনামৰ্মে মন্ত্ৰী কেশৱ মহন্ত, পুৰাতত্ত্ব বিভাগৰ বিষয়া আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই একেলগে ঐতিহাসিক স্থান সমূহ 2018 চনতেই পৰিদৰ্শন কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি আক্ষেপেৰে কয়। চুতীয়া জনগোষ্ঠীক এনেদৰে প্ৰতাৰণা কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি কোৱাৰ লগতে চুতীয়া জনগোষ্ঠী বসবাস কৰা প্ৰতিখন গাৱত এইবিলাক বিষয়ক লৈ , সজাগতা সভা অনুস্থিত কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ ৰাইজক অৱস্থান লবলৈ বাধ্য কৰাব বুলি উল্লেখ কৰে |

কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, চুতীয়া জাতি সন্মিলন,অসমৰ সম্পাদক হৰিহৰ বৰা, গোলাঘাট জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি সত্য ব্ৰত ৰাজখোৱা, সম্পাদক কিনাৰাম শইকীয়া ,সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ কাৰ্যকৰী সভানেত্ৰী কুমকুম বৰা আদি বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতি জৰিয়তে সন্থাৰ সভাপতি পাপু শইকীয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপু শইকীয়াই জানিবলৈ দিয়ে |

Exit mobile version