Mukesh Ambani Buys India’s First Boeing 737Max:এইবাৰ এহেজাৰ কোটিটকীয়া বিমানৰ গৰাকী হ’ল মুকেশ আম্বানী

বিশ্বৰ অন্যতম ব্যয়বহুল বিমান ক্রয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হ'ল আম্বানি, ছুইজাৰলেণ্ডৰ পৰা আহি দিল্লীত উপস্থিত হ'ল বয়িং-৭৩৭ মেক্স-৯

mukesh

Mukesh Ambani Buys India’s First Boeing 737Max:

মাথোঁ কেইমাহমান পূর্বে কনিষ্ঠ পুত্ৰৰ ৰাজকীয় বিবাহ সম্পন্ন কৰি চৰ্চালৈ অহা বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী এইবাৰ এখন বিলাসী বিমান ক্রয়ৰ বাবে চর্চালৈ আহিছে। অত্যাধুনিক বয়িং-৭৩৭ মেক্স-৯ বিমানৰ গৰাকী হৈছে ভাৰতীয় উদ্যোগপতিজন।

দেশৰ সবাতোকৈ চহকী ব্যক্তি আম্বানীয়ে এহেজাৰ কোটি টকাত এই বিমান ক্রয় কৰে। দীর্ঘ দূৰত্ব যাত্রা কৰিব পৰা এনে বিমান ক্ৰয় কৰিব পৰা প্ৰথমজন ভাৰতীয় হ’ল উদ্যোগপতিজন। এই ব্যয়বহুল বিমানখন ইতিমধ্যে ভাৰতলৈ অনা হৈছে। ভাৰতলৈ অনাৰ পূৰ্বে বিমানখনৰ কে’বা তৰপীয়া আধুনিকীকৰণ সম্পন্ন কৰা হয়।

তদুপৰি কে’বাটাও পৰীক্ষণ যাত্রা সম্পন্ন কৰাৰ পাছতে সংশ্লিষ্ট প্রতিষ্ঠানে বিমানখন আম্বানীক হস্তান্তৰ কৰে। বিমানখনৰ এই কে’বা তৰপীয়া আধুনিকীকৰণ সম্পন্ন কৰা হয় ছুইজাৰলেণ্ডৰ বাছেলস্থিত এটা বিমানকোঠত।

এই আধুনিকীকৰণৰ সময়ত বিমানৰ উৰণ কক্ষ আৰু আভ্যন্তৰীণ অংশসমূহৰ উন্নীতকৰণ কৰা হয়। যোৱা বছৰৰ ২৩ এপ্ৰিলৰ পৰা এই বিমান বাছেলৰ বিমানকোঠটোত ৰখা হৈছিল। কে’বা তৰপীয়া আধুনিকীকৰণ সম্পন্ন কৰাৰ পাছত বিমানখনৰ ছটা পৰীক্ষণ যাত্রা সম্পন্ন কৰা হয়।

এই পৰীক্ষণ যাত্ৰাৰ সময়ত বিমানখনে বাছেলৰ পৰা জেনেভা আৰু লণ্ডনৰ লুটন বিমানকোঠলৈ চলোৱা হয়। অৱশেষত এই বছৰৰ ২৭ আগষ্টত বিমানখনে বাছেলৰ পৰা দিল্লী অভিমুখে উৰা মাৰে। ন ঘণ্টাৰো অধিক সময় কৰা যাত্ৰাৰ অন্তত ৬,২৩৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি দিল্লীত উপস্থিত হয়।

২৮ আগষ্টত বিমানখন দিল্লীত উপস্থিত হোৱাৰ পাছত দিল্লী বিমানকোঠৰ কাৰ্গ’ টার্মিনেললৈ নিয়া হয়। তাতে বিমানখন ৰখাৰ ব্যৱস্থা কৰা হয়। তাৰ পৰা ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ মুখ্য কাৰ্যালয় অৱস্থিত মুম্বাইলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বিলাসী বিমানখন ক্ৰয়ৰ লগে লগে আম্বানী দেশৰে অন্যতম সর্বাধিক ব্যয়বহুল তথা একক ব্যক্তিগত বিমানৰ গৰাকীত পৰিণত হৈছে।

➡️বয়িং-৭৩৭ মেক্স-৯ৰ বিশেষত্ব

বয়িং-৭৩৭ মেক্স-৯ৰ বিমানৰ কে’বাটাও বিশেষত্ব আছে। বিশ্বৰ অন্যতম সর্বাধিক ব্যয়বহুল বিমানৰূপে চিহ্নিত এই বিমানখন দুটা চিএছএমআই লীপ-১বি ইঞ্জিনযুক্ত। এই বিমানে এটা যাত্রাতে ১১,৭৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। অৱশ্যে বিমানখনৰ মূল্য ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৯০০ কোটি টকাহে। আম্বানীয়ে বিমানখনৰ কে’বাটাও আধুনিকীকৰণ সংযোজন কৰাৰ ফলত ইয়াৰ দাম এহেজাৰ কোটি টকা হয়। বয়িং-৭৩৭ মেক্স-৯ বিমানৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াৰ উৰণ কক্ষ অথবা কেবিন বহু ডাঙৰ। একেদৰে মাল-বস্তু ৰখা স্থানো তুলনামূলকভারে বিশাল হয়।

➡️১০ খন ব্যক্তিগত বিমান আছে ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ

মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ ব্যক্তিগত বিমানৰ সংখ্যা সম্প্রতি ১০ খনলৈ বৃদ্ধি পাইছে। বয়িং-৭৩৭ মেক্স-৯ বিমানখন ক্ৰয়ৰ পূৰ্বেও প্রতিষ্ঠানটোৰ নখন দামী বিমান আছিল। ইয়াৰে এয়াৰ বাছ এ-৩১৯-এচিজে বিমানখন বিগত ১৮ বছৰতকৈ অধিক কাল প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰি আছে।

তদুপৰি প্ৰতিষ্ঠানটোৰ দুখন বম্বাৰডিয়াৰ গ্ল’বেল-৫০০০ বিমান আছে। প্রতিষ্ঠানটোৰ আন এখন বিমান হ’ল বম্বাৰডিয়াৰ গ্ল’বেল-৬০০০। এই বিমানে অতি দ্রুতগতিত চলাচল কৰিব পাৰে আৰু দীর্ঘ দূৰত্বলৈ যাত্ৰা কৰিব পাৰে। গতিকে এই বিমানে অনায়াসে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ চলাচল কৰিব পাৰে।

প্ৰতিষ্ঠানটোৰ আন এখন ব্যয়বহুল তথা শক্তিশালী বিমান হ’ল ডাছাউ চেলকন-৯০০এছ। এই বিমান কার্যদক্ষতা আৰু নিৰ্ভৰযোগ্যতাৰ বাবে বিখ্যাত। বিলায়েন্সক বিগত ১৬ বছৰতকৈ অধিক দিন সেৱা আগবঢ়াই অহা এখন বিমান হ’ল এদ্ৰাৰাৰ ইআৰজে-১৩৫।

আম্বানীৰ ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ দুখন হেলিকপ্টাৰো আছে। প্রতিষ্ঠানটোৱে হেলিকপ্টাৰ দুখন কম দূৰত্ব ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰে। এই হেলিকপ্টাৰ দুখনৰ এখন হ’ল দৌফিন। প্রতিষ্ঠানটোৰ কাৰ্যালয় আৰু কৰ্মক্ষেত্ৰসমূহৰ মাজত এই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়। প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰা আনখন হেলিকপ্টাৰ হ’ল ছিক’স্কাই। এই হেলিকপ্টাৰো কম দূৰত্ব ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়। এই হেলিকপ্টাৰৰ যাত্ৰা আৰামদায়ক হয়।

Exit mobile version