Anura Kumara Dissanayake takes oath as Sri Lanka’s next president:শ্রীলংকাত উৰিল ‘ৰঙা পতাকা’

নতুন ৰাষ্ট্ৰপতি শ্ৰমিকৰ সন্তান অনুৰাদিশানায়কে, সোমবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত ল'লে অনুৰাই

sri lanka 1

Anura Kumara Dissanayake takes oath as Sri Lanka’s next president:

প্রতিবেশী দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিৰূপে নির্বাচিত হ’ল এজন বাঁও ভাবাদর্শী নেতা। সদ্যসমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দেওবাৰে ঘোষিত ফলাফল অনুসৰি মার্ক্স-লেনিন ভাবাদৰ্শৰ পিপ’লছ লিবাৰেছন ফ্রণ্টৰ নেতা অনুৰাদিশানায়কে দেশখনৰ নতুন ৰাষ্ট্ৰপতিৰূপে নির্বাচিত হয়। বৃহৎ ব্যৱধানত জয়লাভ কৰা দিশানায়কে হৈছে দেশখনৰ দশম ৰাষ্ট্ৰপতি । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰাৰ পিছত সোমবাৰে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে মাৰ্ক্সবাদী ৰাজনীতিবিদ অনুৰা কুমাৰ দিশানায়কে।

উল্লেখ্য যে সদ্য সমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত তেওঁৰ ওচৰত হাৰ মানে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰনিল বিক্রমাসিংঘে আৰু বিৰোধী নেতা সজিত প্রেমদাসাই। বিজয়ী প্রার্থী দিশানায়কে ৫৬ লাখ অর্থাৎ ৪২.৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ ৰাষ্ট্ৰপতি বিক্রমাসিংঘেই মাথোঁ ১৭ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হয়।

দিশানায়কে নিকটতম প্রতিদ্বন্দ্বী তথা বিৰোধী দলৰ নেতা প্রেমাদাসাই ৩৪ শতাংশতকৈ কিছু অধিক ভোট লাভ কৰে। লক্ষ্যণীয় যে দুবছৰ পূৰ্বে অর্থনৈতিক পৰিকাঠামো ভাঙি এক গৃহযুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হোৱা দ্বীপ ৰাষ্ট্ৰখনত এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰিৱৰ্তনৰ সপক্ষে ভোট দিবলৈ জনতাক আহ্বান জনাই পিপ’লছ লিবাৰেছন ফ্ৰণ্টৰ নেতা দিশানায়কে।

অৱশ্যে তেৱোঁ ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ বাবে প্রয়োজনীয় ৫০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম নহ’ল। দেওবাাৰৰ ফলাফল ঘোষণাৰ পাছত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিজনে সামাজিক মাধ্যম ‘এক্স’যোগে ভোটাৰসকললৈ ধন্যবাদ জনাই কয়, ‘আপোনালোকে শশ বছৰ ধৰি দেখি অহা সপোন অৱশেষত বাস্তৱত পৰিণত হ’ল। এই সফলতা হৈছে কোনো এজন ব্যক্তিৰ কৃতিত্ব নহয়। ই হৈছে আপোনালোক অজস্ৰজনৰ সামূহিক প্রচেষ্টাৰ ফল। মই আপোনালোকৰ প্ৰতি অতি কৃতজ্ঞ। এই বিজয় আমাৰ সকলোৰে।’

উল্লেখ্য যে এইবাৰৰ দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নির্বাচনত এক ইতিহাসৰ সৃষ্টি হয়। দেশখনৰ ইতিহাসত প্রথমবাৰৰ বাবে দেওবাৰা ভোটগণনাত দ্বিতীয় পৰ্যায়ৰ ভোটগণনা কৰিবলগীয়া হয়। ইয়াৰ কাৰণ হৈছে কোনো এজন প্রার্থীয়ে ৫০ শতাংশ ভোট লাভ নকৰাটো।

স্মতৰ্ৱ্য যে দ্বীপ ৰাষ্ট্ৰখনৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দিশানায়কৰ জন্ম হয় ১৯৬৮ৰ ২৪ নৱেম্বৰত। তেওঁৰ পিতৃ শ্রমিক আছিল। পৰৱৰ্তী সময়ত তেওঁ থামবুথেগামা চেন্ট্রেল কলেজৰ পৰা কলেজীয়া শিক্ষা গ্রহণ কৰে। ১৯৮৭ত তেওঁ ছাত্ৰ ৰাজনীতিৰ স’তে জড়িত হয়। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ কেলানিয়া বিশ্ববিদ্যালয়ৰ পৰা ফিজিকেল ছায়েন্স বিষয়ত স্নাতক ডিগ্রী আহৰণ কৰে।

১৯৯৫ত তেওঁ পিপ’লছ লিবাৰেছন ফ্ৰণ্টৰ পলিট ব্যুৰ’ত যোগদান কৰে। ইয়াৰ পাঁচ বছৰৰ পাছত অর্থাৎ ২০০০ত তেওঁ প্ৰথমবাৰৰ বাবে সংসদলৈ নির্বাচিত হয়। তেওঁৰ দল সদায়ে দুর্নীতি, আর্থিক অব্যৱস্থাপনা আদিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে।আনহাতে, ১৯৭১ আৰু ১৯৮৭-৮৯ত দুবাৰ দলটো চৰকাৰৰ বিৰুদ্ধে সশস্ত্র বিপ্লৱ গঢ়ি তুলিছিল।

Exit mobile version