More than 7,000 notorious criminals arrested in Uttar Pradesh:উত্তৰ প্ৰদেশত ৭.৫ বৰ্ষত এনকাউন্টাৰত মৃত্যু ৪৯ লোকৰ

সাত হেজাৰতকৈ অধিক কুখ্যাত অপৰাধীক গ্রেপ্তাৰ

jugiaditya nath

More than 7,000 notorious criminals arrested in Uttar Pradesh:

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰি আহিছে। যোগী চৰকাৰৰ ৭.৫ বছৰীয়া কাৰ্যকালত ৰাজ্যখনত বিভিন্ন এনকাউণ্টাৰত ৪৯ জন কুখ্যাত অপৰাধীৰ মৃত্যু হ’ল।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোগীৰ কাৰ্যকালত অপৰাধ নিয়ন্ত্ৰণৰ বাবে অতি সক্রিয় হৈ উঠিছে। মূলতঃ মুখ্যমন্ত্রী যোগীৰ নিৰ্দেশত আৰক্ষী প্রশাসনে বিগত চাৰে সাত বছৰত সাত হেজাৰতকৈ অধিক কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰিলে। এইসকল অপৰাধীৰ সৰহ সংখ্যকে অবৈধ অস্ত্র, নিচাযুক্ত দ্রব্য, নিষিদ্ধ জন্তুৰ সৰবৰাহ আদিৰ দৰে অপৰাধৰ স’তে জড়িত আছিল।

যোগীৰ কাৰ্যকালত উত্তৰ প্ৰদেশত প্রশ্ন কাকত ফাদিল কেলেংকাৰি, সুৰাৰ অবৈধ সৰবৰাহত জড়িত কে’বাটাও অপৰাধ চক্ৰত উৎখাত কৰা হ’ল। চাইবাৰ অপৰাধৰ ক্ষেত্রত এই সময়ছোৱাত ৰাজ্যখনত ৩৭৯ জন চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে। ১৯৩ টা অপৰাধী গোটকো বিগত সময়ছোৱাত আৰক্ষীয়ে উৎখাত কৰিলে।

Exit mobile version