Withered Grave: তামাৰহাতত মুৰে কপালে হাত দিছে কৃষকে

বিঘাই বিঘাই মৰহি গৈছে উন্নতজাতৰ মধুৰিআমৰ গছ, লাখ লাখ টকাৰ লোকচান

guave

Withered Grave:

উন্নত জাতৰ মধুৰিআমৰ খেতি কৰি মুৰে-কপালে হাত দিছে এজন কৃষকে। গাঁঠিৰ ধন ভাঙি, ঋণ ধাৰ কৰি উন্নত জাতৰ মধুৰিআমৰ খেতি কৰি চকুৰে বাট নেদেখা হৈ পৰিছে এজন যুৱক।

যুৱকজনে অকলে প্রায় ৭০ বিঘা মাটিত মধুৰিআনৰ খেতি কৰে। উৎপদন কৰা মধুৰিআম বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰিছে; কিন্তু তেনে সময়তে কৃষকজনলৈ এক ভাবুকি কঢ়িয়াই আনিছে অচিন ৰোগে। যাৰ ফলত মধুৰিআম বিক্রী কৰি উপাৰ্জন কৰাটো দূৰৰ মৰহি যাবলৈ ধৰিছে। এফলে খৰাং আকৌ আনফালে অচিন ৰোগত আক্রান্ত হৈছে মধুৰিআমৰ গছ।

একো একোজোপা গছত ফল থকা পাছতো মৰহি যাবলৈ ধৰিছে। যাৰ ফলত এডাল গছত ৬০-৭০ কিলোগ্রাম মধুৰিআম হেৰুৱাই পেলাইছে। অকল সেয়ে নহয়,বহু গছত থকা ফলত ধৰিছে বেমাৰ বিক্রী কৰাৰ প্ৰাক্‌ মুহূর্তত ফলসমূহ পঁচি যোৱাত আন এক সমস্যাৰ সৃষ্টি কৰিছে। গোসাঁইগাঁৱৰ মানতাৰ কুটি গাঁৱৰ ৰাম ওৱাসীম চৌহান খেতিৰ তেনে অৱস্থা দেখি হতাশ হৈ পৰিছে।

এফালৰ পৰা শশ গছ মৰহি যোৱাত লাখ লাখ টকা লোকচান হ’ব সেয়া নিশ্চিত হৈ ভাঙি পৰিছে। কাৰণ প্রতি বিঘাত ৭০-৮০ হেজাৰ টকা ব্যয় কৰি এই খেতি কৰিছে। বহু চেষ্টা কৰিও ৰক্ষা কৰিব পৰা নাই মধুৰিআমৰ খেতি। বিভিন্নসাৰ- ঔষধ দিও ৰক্ষা নোহোৱাত এতিয়া চিন্তিত হৈ পৰিছে যুৱ কৃষকজন।

Exit mobile version