There are two BJP MLAs sponsoring the land grabbing in Sonapur:দুই বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাত সোণাপুৰত চলিছে অবাধ ভূমি বেদখল

অধ্যক্ষ-আৰক্ষীক অভিযোগ দাখিলৰ পাছতো নাই কোনো ব্যৱস্থা, আমেৰিগোগ মিশ্র কৃষি পামৰ অভিযোগপত্ৰত বিধায়কদ্বয় ভূবন গাম- ফণী তালুকদাৰৰ নাম

bhuban gam

There are two BJP MLAs sponsoring the land grabbing in Sonapur:

সোণাপুৰৰ বেদখল উচ্ছেদক কেন্দ্ৰ কৰি প্রতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ভয়- ভাবুকি তথা ক্ষমতাৰ অপপ্রয়োগ কৰি বিজেপিৰ দুজন বিধায়কৰ পৃষ্ঠপোষকতাত সোণাপুৰ ৰাজহ চক্ৰৰ অধীনস্থ অঞ্চলত চলিছে অবাধ ভূমি বেদখল। সোণাপুৰৰ আমেৰিগোগ মিশ্র কৃষি পামে এই সন্দর্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিভিন্ন চৰকাৰী কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰি আহিছে যদিও ভূ-মাফিয়াৰ বিৰুদ্ধে সততে কঠোৰ বুলি দাবী কৰা চৰকাৰখনে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ যোৰাবাটৰ ১৩ মাইলত জনজাতি বেষ্টনীৰ অন্তৰ্গত প্রায় ১০১ বিঘা মাটি মাজুলীৰ বিধায়ক ভূৱন গাম, ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ ঘনিষ্ঠৰ লগতে ময়ূৰ তালুকদাৰ, নাৰায়ণ প্রসাদ ঝুনঝুনৱালা আৰু সোণাৰিৰ শুকমতা চাংমায়ে দখল কৰাৰ অভিযোগ তুলিছে কৃষিপামখনে।

এই দখলকাৰী পক্ষৰ হৈ যোৱা ১১ আগষ্টত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে স্থানীয় ৩০-৩৫জন মানুহক ভয়-ভাবুকিৰে সেই স্থানৰ পৰা খেদি পঠিওৱাৰো অভিযোগ উঠিছে। আৰক্ষী বিষয়াজনে উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি সেই মাটি খালী কৰি নিদিলে প্রয়োজনত এনকাউন্টাৰো হৈ যাব বুলি ভাবুকি প্ৰদান কৰাৰ অভিযোগ আছে।

অৱশ্যে উক্ত দিনৰ ঘটনাক লৈ স্থানীয় লোকসকলে আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে। উল্লেখ্য যে বিধানসভাৰ অধ্যক্ষলৈ লিখা পত্ৰখনত কৃষি পামখনে সদৰী কৰিছে যে ১৯৮৪-৮৫ৰ পৰাই উল্লিখিত ৰাজহ চক্ৰৰ অধীনৰ ১৪৭, ১৫৭ আৰু ১৬৫ নম্বৰ দাগৰ মাটিত তেওঁলোকে খেতি কৰি আহিছে। ইয়াৰে ১৪৭ নম্বৰ দাগৰ ২৫ বিঘা মাটি ২০০০ত নন কেডেস্টেল ম্যাদী হৈছে। বাকী মাটি ম্যাদীৰ কাৰণে ২০১০৩ আবেদন কৰিছিল যদিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা নির্দেশনা অহা নাছিল। শেষত তেওঁলোকে জৰীপ বিভাগৰ পৰা, বন বিভাগৰ পৰা এনঅ’চি লাভ কৰিছে।

গোটেইখিনি মাটি ম্যাদীকৰণৰ চূড়ান্ত পর্যায়ত আছে আৰু সেই সময়তে অঞ্চলটোৰ বৃহৎ সংখ্যক ভূমি বলপূর্বকভাৱে বেদখল কৰি ভুৱা পট্টা প্ৰস্তুত কৰা হৈছে বুলি তেওঁলোকে অভিযোগ তুলি কয়, ‘আঠ বিঘা মাটি শুকমতা চাংমাইৰ নামত ভুৱা পট্টা জাৰি কৰা হৈছে। একেদৰে ময়ূৰ তালুকদাৰৰ নামত ৩৭ বিঘা, মাজুলীৰ বিধায়ক গামে বীৰেন তুতলাৰ নামত ২৯ বিঘা মাটি নামজাৰি কৰিছে। ইয়াৰ উপৰি নাৰায়ণ প্ৰসাদ ঝুনঝুনৱালাৰ নামত ২৫ বিঘা মাটি বেদখল হৈছে।’ উল্লিখিত লোককেইজনৰ মাটিৰ তথ্য বিচাৰি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰা হৈছিল যদিও কার্যালয়ে কোনো তথ্য যোগান ধৰিব নোৱাৰিলে বুলি তেওঁলোকে উল্লেখ কৰিছে।

সমান্তৰালভাৱে তালুকদাৰে ২০২৩ৰ ২৮ ডিচেম্বৰত অজিত টুমং নামৰ লোকজনক হাত-ভৰি বান্ধি কাটিবলৈ উদ্যত হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে। লগতে তেওঁলোকে অভিযোগ পত্ৰখনত উল্লেখ কৰিছে-‘সোণাপুৰৰ মাটি সুৰক্ষা কৰিবলৈ এই পত্র প্রদান কৰিছো। যাতে বিধায়ক ভূৱন গামে সোণাপুৰৰ এচিপি আবুতানী দলেক লগত নি মাটি দখল কৰিব নোৱাৰে। ময়ূৰ তালুকদাৰে যাতে যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক লগত নি মাটি কাঢ়িব নোৱাৰে তাৰ ব্যৱস্থা কৰক। এই কামত গৃহ সচিব বিশ্বজিৎ পেগু জড়িত থকাৰ তথ্য আহিছে। গতিকে বিষয়াজনক তৎকালে বদলি কৰিবলৈ সোণাপুৰ ৰাইজে দাবী জনাইছে।’ উল্লেখ্য যে এই ভূমি বেদখলৰ সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্রহণ নকৰিলে স্থানীয় লোকসকলক ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্রদান কৰিছে।

Exit mobile version