21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:হিমালয়ৰ ২১ হেজাৰ ফুট উচ্চতাৰ শৃংগ বগাই ইতিহাস পৰ্বতাৰোহীৰ

ছাংয়াং গ্যাটছ' শৃংগ বুলি নামকৰণ, মানুহৰ পদধূলি নপৰা গভীৰ প্ৰত্যাহ্বানযুক্ত শৃংগ জয় ১৫ জনীয়া দলৰ

MOUNTAIN

21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:

ৰহস্যঘন হিমালয় পর্বতমালাৰ এক নতুন শৃংগত সফলভাবে আৰোহণ কৰিলে ১৫ জনীয়া পৰ্বতাৰোহীৰ দলে। পূর্বে কোনো পর্বতাৰোহীয়ে আৰোহণ নকৰা এই দুর্গম শৃংগত প্রথমবাৰলৈ মানুহৰ পদচিহ্ন পৰিল।

অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্রীড়া সংস্থাৰ এটা দলে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গেৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা নামহীন শৃংগত সফলতাৰে আৰোহণ কৰাৰ বিষয়ে সদৰী কৰি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র লেফটেনেন্ট কর্ণেল মহিন্দ্ৰ ৰাৱাটে জনায় যে ১৫ জনীয়া দলটোৰ নেতৃত্ব দিছিল কর্ণেল ৰণৰীৰ সিং জামৱালে।

দলটোৱে মুঠ ১৫ দিনত এই দুঃসাহসিক আৰোহণ সম্পূর্ণ কৰে। তেওঁ কয়, ‘এই শৃংগটো অঞ্চলটোৰ অন্যতম প্রত্যাহানযুক্ত আৰু ইয়াত পূর্বে কোনেও আৰোহণ কৰা নাছিল। শুভ্ৰ বৰফৰ আচ্ছাদন, বিশাল শিলাখণ্ড আৰু দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ হিমবাহকে ধৰি অপৰিসীম প্রত্যাহ্বান অতিক্ৰম কৰাৰ পাছত দলটোৱে ইয়াত সফলতাৰে আৰোহণ কৰে। পাছত তিব্বতীয় ধর্মগুৰু দালাই লামালৈ সন্মান যাচি শৃংগটোক ‘ছাংয়াং গ্যাটছ ‘ শৃংগ বুলি ইয়াৰ নামকৰণ কৰে।

উল্লেখ্য যে এই শৃংগটোৰ নাম ষষ্ঠ দালাই লামাৰ নামেৰে নামকৰণ কৰি ধৰ্মগুৰুজনৰ যুগজয়ী প্রজ্ঞা আৰু মনপা সম্প্ৰদায়ৰ অৱদানক শ্রদ্ধাঞ্জলি জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ‘ছাংয়াং গ্যাটছ শৃংগ’ জয় কৰাৰ অভিযানটো আছিল এই দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ কঠিন পর্বত আৰোহণ অভিযানসমূহৰ ভিতৰত অন্যতম।

বিপজ্জনক শিলাখণ্ড, ঠেক পথ, বৰফৰ আচ্ছাদন আৰু অভাৱনীয় প্রতিকূল বতৰৰ পৰিস্থিতিৰ মাজত এই অভিযান সম্পূৰ্ণ কৰা হয়। পৰ্বতাৰোহী বিশেষ দলটোৱে এই প্রত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি শিখৰত উপনীত হ’বলৈ সক্ষম হোৱাৰ লগতে এক নতুন ইতিহাস ৰচনা কৰে।

দেশৰ দুঃসাহসিক আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আগৰণুৱা নিমাছে ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেছন (আইএমএফ) ক এই আৰোহণৰ বিষয়ে আৰু শৃংগটোৰ নাম ৰখাৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে। শৃংগটোৰ নামকৰণৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে যাতে ‘ছাংয়াং গ্যাটছ শৃংগ’ক চৰকাৰী মানচিত্ৰত স্বীকৃতি দিয়া হয়।

এই ঐতিহাসিক পৰ্বতাৰোহণে অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্রতিভাত কৰাই নহয়, এই অঞ্চলটোক পর্বতাৰোহণ আৰু দুঃসাহসিক ক্রীড়াৰ বাবে এক প্রধান স্থান হিচাপেও পোহৰলৈ আনিছে আৰু ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিযাত্রী আৰু দুঃসাহসিক অভিযান অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

Exit mobile version